Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
24 : 5

قَالُوْا یٰمُوْسٰۤی اِنَّا لَنْ نَّدْخُلَهَاۤ اَبَدًا مَّا دَامُوْا فِیْهَا فَاذْهَبْ اَنْتَ وَرَبُّكَ فَقَاتِلَاۤ اِنَّا هٰهُنَا قٰعِدُوْنَ ۟

মুছা আলাইহিছ ছালামৰ সম্প্ৰদায়ে সিহঁতৰ নবী মুছাৰ কথা অৱমাননা কৰি আৰু তাত অটল হৈ কৈছিলঃ আমি চহৰত তেতিয়া লৈকে প্ৰৱেশ নকৰো, যেতিয়া লৈকে এই শক্তিশালী লোকসকল তাত থাকিব। এতেকে হে মুছা! আপুনি আৰু আপোনাৰ প্ৰতিপালক যাওক, আৰু শক্তিশালী লোকসকলৰ লগত যুদ্ধত কৰকগৈ। আমি আপোনাৰ পৰা পৃথক হৈ ইয়াতে বহি থাকিম। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• مخالفة الرسل توجب العقاب، كما وقع لبني إسرائيل؛ إذ عاقبهم الله تعالى بالتِّيه.
ৰাছুলৰ বিৰুদ্ধাচাৰণৰ ফলত আল্লাহৰ শাস্তি অৱধাৰিত হয়। যিদৰে বনী ইছৰাঈলৰ লগত হৈছিল, যেতিয়া আল্লাহে সিহঁতক তীহ ময়দামত বিচৰণৰ শাস্তি দিছিল। info

• قصة ابني آدم ظاهرها أن أول ذنب وقع في الأرض - في ظاهر القرآن - هو الحسد والبغي، والذي أدى به للظلم وسفك الدم الحرام الموجب للخسران.
আদম আলাইহিছ ছালামৰ দুয়ো পুত্ৰৰ ঘটনাৰ দ্বাৰা এইটো বুজা গল যে, পৃথিৱীৰ বুকুত সৰ্বপ্ৰথম যিটো পাপ হৈছিল সেয়া হৈছে বিদ্বেষ তথা অন্যায়। এতেকে যিয়ে অন্যায় কৰিব আৰু অন্যায়ভাৱে ৰক্তপাত কৰিব, সি নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত। info

• الندامة عاقبة مرتكبي المعاصي.
পাপীৰ শাস্তি হৈছে অনুতাপ। info

• أن من سَنَّ سُنَّة قبيحة أو أشاع قبيحًا وشجَّع عليه، فإن له مثل سيئات من اتبعه على ذلك.
যিয়ে কোনো পাপ কৰ্মৰ প্ৰৱৰ্তন ঘটাব অথবা তাৰ প্ৰেৰণা দিব, সিও সিমানেই অংশীদাৰ হ'ব যিসকলে ইয়াৰ ওপৰত আমল কৰিব। info