Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
47 : 42

اِسْتَجِیْبُوْا لِرَبِّكُمْ مِّنْ قَبْلِ اَنْ یَّاْتِیَ یَوْمٌ لَّا مَرَدَّ لَهٗ مِنَ اللّٰهِ ؕ— مَا لَكُمْ مِّنْ مَّلْجَاٍ یَّوْمَىِٕذٍ وَّمَا لَكُمْ مِّنْ نَّكِیْرٍ ۟

হে মানৱজাতি! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকি, তেওঁৰ প্ৰতিটো বিধানত সঁহাৰি দিয়া, লগতে অজুহাত আদি পৰিত্যাগ কৰা, সেই অপ্ৰতিৰোধ্য দিৱসটো অহাৰ পূৰ্বেই যিটোক প্ৰতিৰোধ কৰা সম্ভৱ নহয়। সেইদিনা তোমালোকৰ আশ্ৰয় ল’ব পৰা কোনো আশ্ৰয়স্থল নাথাকিব। আনকি পৃথিৱীত কৰা তোমালোকৰ পাপকৰ্মবোৰকো অস্বীকাৰ কৰিব নোৱাৰিবা। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• وجوب المسارعة إلى امتثال أوامر الله واجتناب نواهيه.
আল্লাহৰ আদেশ আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা আদি বিধান পালনত ততাতৈয়া কৰা আৱশ্যক। info

• مهمة الرسول البلاغ، والنتائج بيد الله.
ৰাছুলসকলৰ দায়িত্ব হৈছে বাৰ্তা পৌঁচাই দিয়া, আৰু ফলাফলৰ দায়িত্ব হৈছে আল্লাহৰ হাতত। info

• هبة الذكور أو الإناث أو جمعهما معًا هو على مقتضى علم الله بما يصلح لعباده، ليس فيها مزية للذكور دون الإناث.
আল্লাহৰ জ্ঞান অনুসাৰে বান্দাৰ কল্যাণ আগত ৰাখি তাক পুত্ৰ অথবা কন্যা সন্তান দান কৰা হয়, নাইবা উভয় সন্তানেই প্ৰদান কৰা হয়। কিন্তু এইটোৱে প্ৰমাণ নকৰে যে, পুত্ৰ সন্তান কন্যা সন্তানতকৈ উত্তম। info

• يوحي الله تعالى إلى أنبيائه بطرق شتى؛ لِحِكَمٍ يعلمها سبحانه.
আল্লাহে তেওঁৰ নবীসকলৰ ওপৰত বিভিন্ন প্ৰকাৰে অহী প্ৰেৰণ কৰে, ইয়াৰ ৰহস্য সম্পৰ্কে কেৱল আল্লাহেই অৱগত। info