Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
11 : 41

ثُمَّ اسْتَوٰۤی اِلَی السَّمَآءِ وَهِیَ دُخَانٌ فَقَالَ لَهَا وَلِلْاَرْضِ ائْتِیَا طَوْعًا اَوْ كَرْهًا ؕ— قَالَتَاۤ اَتَیْنَا طَآىِٕعِیْنَ ۟

ইয়াৰ পিছত আল্লাহে আকাশক সুবিন্যস্ত কৰিবলৈ মনোনিৱেশ কৰিলে। তেতিয়া আকাশখন আছিল ধোঁৱা। এতেকে আল্লাহে আকাশ আৰু পৃথিৱীক উদ্দেশ্যি ক'লেঃ তোমালোক উভয়ে ইচ্ছাতেই হওক অথবা অনিচ্ছাতে মোৰ আদেশ পালন কৰা। ইয়াৰ বাহিৰে তোমালোকৰ আন কোনো বিকল্প নাই। তেতিয়া উভয়ে সন্মতি পোষণ কৰি ক'লেঃ আমি উভয়ে আনুগত্য স্বীকাৰ কৰিলোঁ। হে আমাৰ প্ৰতিপালক! আপোনাৰ ইচ্ছাৰ বিপৰীতে আমাৰ কোনো ইচ্ছা নাই। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• تعطيل الكافرين لوسائل الهداية عندهم يعني بقاءهم على الكفر.
কাফিৰসকলে হিদায়তৰ মাধ্যমবোৰৰ দ্বাৰা উপকৃত নহয়, অৰ্থাৎ কুফৰৰ ওপৰত অৱস্থান কৰাকে সিহঁতে পছন্দ কৰে। info

• بيان منزلة الزكاة، وأنها ركن من أركان الإسلام.
যাকাতৰ গুৰুত্বৰ বৰ্ণনা, ই ইছলামৰ এটা অন্যতম স্তম্ভ। info

• استسلام الكون لله وانقياده لأمره سبحانه بكل ما فيه.
গোটেই বিশ্বজগত আল্লাহৰ আনুগত্যশীল, আৰু ইয়াত থকা সকলোৱে তেওঁৰ আদেশ মানিবলৈ বাধ্য। info