Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
92 : 4

وَمَا كَانَ لِمُؤْمِنٍ اَنْ یَّقْتُلَ مُؤْمِنًا اِلَّا خَطَأً ۚ— وَمَنْ قَتَلَ مُؤْمِنًا خَطَأً فَتَحْرِیْرُ رَقَبَةٍ مُّؤْمِنَةٍ وَّدِیَةٌ مُّسَلَّمَةٌ اِلٰۤی اَهْلِهٖۤ اِلَّاۤ اَنْ یَّصَّدَّقُوْا ؕ— فَاِنْ كَانَ مِنْ قَوْمٍ عَدُوٍّ لَّكُمْ وَهُوَ مُؤْمِنٌ فَتَحْرِیْرُ رَقَبَةٍ مُّؤْمِنَةٍ ؕ— وَاِنْ كَانَ مِنْ قَوْمٍ بَیْنَكُمْ وَبَیْنَهُمْ مِّیْثَاقٌ فَدِیَةٌ مُّسَلَّمَةٌ اِلٰۤی اَهْلِهٖ وَتَحْرِیْرُ رَقَبَةٍ مُّؤْمِنَةٍ ۚ— فَمَنْ لَّمْ یَجِدْ فَصِیَامُ شَهْرَیْنِ مُتَتَابِعَیْنِ ؗ— تَوْبَةً مِّنَ اللّٰهِ ؕ— وَكَانَ اللّٰهُ عَلِیْمًا حَكِیْمًا ۟

কোনো মুমিনে আন কোনো মুমিনক হত্যা কৰা উচিত নহয়, ভুলবশতঃ হলে সেয়া সুকীয়া কথা। কিন্তু যিয়ে ভুলবশতঃ কোনো মুমিনক হত্যা কৰিব, সি কাফফাৰা হিচাপে এজন মুমিন দাস মুক্ত কৰিব লাগিব, আৰু হত্যাকাৰীৰ আত্মীয়সকলে নিহত ব্যক্তিৰ আত্মীয়সকলক ৰক্তপণ আদায় দিব লাগিব। আৰু যদি নিহত ব্যক্তিৰ আত্মীয়সকলে ৰক্তপণ ক্ষমা কৰি দিয়ে তেন্তে আদায় দিব নালাগিব। আৰু যদি নিহত ব্যক্তি শত্ৰু পক্ষৰ হয় কিন্তু নিহত ব্যক্তি মুমিন হয়, তেনে ক্ষেত্ৰত হত্যাকাৰীয়ে এজন মুমিন দাস আজাদ কৰিব, ৰক্তপণ দিয়াৰ আৱশ্যকতা নাই। আনহাতে নিহত ব্যক্তি যদি অমুছলিম হয় আৰু সিহঁতৰ লগত যদি তোমালোকৰ কোনো অঙ্গীকাৰ থাকে, যেনে জিম্মীসকল, তেন্তে হত্যাকাৰীৰ আত্মীয়সকলে নিহত ব্যক্তিৰ আত্মীয়সকলক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰিব লাগিব। যদি দাস নাপায় অথবা দাস মুক্ত কৰাৰ সামৰ্থ নাথাকে তেন্তে একেলেঠাৰীয়ে দুমাহ চওম (ৰোজা) পালন কৰিব লাগিব। এই ধৰণৰ আদেশ এই কাৰণে দিয়া হৈছে, যাতে আল্লাহে তাক ক্ষমা কৰি দিয়ে। আল্লাহ তেওঁৰ বান্দাৰ কৰ্ম আৰু তাৰ নিয়ত সম্পৰ্কে অৱগত। চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• جاء القرآن الكريم معظِّمًا حرمة نفس المؤمن، وناهيًا عن انتهاكها، ومرتبًا على ذلك أشد العقوبات.
কোৰআনে মুমিনৰ প্ৰাণ প্ৰতিষ্ঠাৰ সন্মান কৰে, ইয়াৰ অনিষ্টতাৰ প্ৰতিৰোধ কৰে লগতে ইয়াৰ ওপৰত কঠোৰ দণ্ড নিৰ্ধাৰিত কৰে। info

• من عقيدة أهل السُّنَّة والجماعة أن المؤمن القاتل لا يُخلَّد أبدًا في النار، وإنما يُعذَّب فيها مدة طويلة ثم يخرج منها برحمة الله تعالى.
আহলে ছুন্নত অল জামাআতৰ আক্বীদাহ এই যে, হত্যাকাৰী মুমিন কেতিয়াও জাহান্নামত চিৰস্থায়ী নহব, বৰং তাত দীৰ্ঘ সময় থকাৰ পিছত আল্লাহৰ ৰহমতত তাৰ পৰা ওলাই আহিব। info

• وجوب التثبت والتبيُّن في الجهاد، وعدم الاستعجال في الحكم على الناس حتى لا يُعتدى على البريء.
জিহাদত অনুসন্ধান কৰা জৰুৰী, আৰু কাৰো প্ৰতি খৰখেদাকৈ সিদ্ধান্ত লব নালাগে যাতে কোনো নিৰ্দোষী ব্যক্তিৰ অনিষ্ট নহয়। info