Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
17 : 33

قُلْ مَنْ ذَا الَّذِیْ یَعْصِمُكُمْ مِّنَ اللّٰهِ اِنْ اَرَادَ بِكُمْ سُوْٓءًا اَوْ اَرَادَ بِكُمْ رَحْمَةً ؕ— وَلَا یَجِدُوْنَ لَهُمْ مِّنْ دُوْنِ اللّٰهِ وَلِیًّا وَّلَا نَصِیْرًا ۟

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি আল্লাহে তোমালোকক মৃত্যু দান কৰিব বিচাৰে অথবা হত্যা কৰিব বিচাৰে, যিটোক তোমালোকে অপছন্দ কৰা, নাইবা তেওঁ যদি তোমালোকক নিৰাপত্তা তথা কল্যাণ দান কৰিব বিচাৰে, যিটোক তোমালোকে পছন্দ কৰা তেন্তে কোৱাচোন! তেওঁক বাধা দিব পৰা কোনোবা আছেনে? নিশ্চিতৰূপে তোমালোকক ৰক্ষা কৰিব পৰা কোনো নাই। এই মুনাফিকসকলে আল্লাহৰ বাহিৰে আন কোনো সংৰক্ষক বিচাৰি নাপাব, যিয়ে সিহঁতক সুৰক্ষা প্ৰদান কৰিব পাৰিব। আৰু কোনো সহায়কো বিচাৰি নাপাব, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• الآجال محددة؛ لا يُقَرِّبُها قتال، ولا يُبْعِدُها هروب منه.
মৃত্যুৰ সময় নিৰ্ধাৰিত। যুদ্ধৰ ফলত ই কেতিয়াও নিকটৱৰ্তী নহয়। আনহাতে পলায়নৰ ফলত এই সময় কেতিয়াও পিছুৱাই নাযায়। info

• التثبيط عن الجهاد في سبيل الله شأن المنافقين دائمًا.
আল্লাহৰ পথত জিহাদ কৰিবলৈ বাধা প্ৰদান কৰাটো হৈছে মুনাফিকসকলৰ পৰম্পৰাগত চৰিত্ৰ। info

• الرسول صلى الله عليه وسلم قدوة المؤمنين في أقواله وأفعاله.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ মুমিনসকলৰ বাবে উত্তম আদৰ্শ। info

• الثقة بالله والانقياد له من صفات المؤمنين.
আল্লাহৰ প্ৰতি ভৰসা কৰা আৰু তেওঁৰ আনুগত্য কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info