Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
27 : 31

وَلَوْ اَنَّمَا فِی الْاَرْضِ مِنْ شَجَرَةٍ اَقْلَامٌ وَّالْبَحْرُ یَمُدُّهٗ مِنْ بَعْدِهٖ سَبْعَةُ اَبْحُرٍ مَّا نَفِدَتْ كَلِمٰتُ اللّٰهِ ؕ— اِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟

পৃথিৱীৰ বুকুত থকা সকলো গছ-গছনি কাটি যদি কলম বনোৱা হয়, আৰু সাগৰবোৰক যদি চিয়াঁহী বনোৱা হয়, তথাপিও আল্লাহৰ প্ৰশংসা সমাপ্ত নহ'ব, আনকি ইয়াৰ লগত আৰু সাত সাগৰক যদি সংযুক্ত কৰা হয় তথাপিও নহ'ব। কাৰণ তেওঁৰ প্ৰশংসাৰ কোনো অন্ত নাই। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• نعم الله وسيلة لشكره والإيمان به، لا وسيلة للكفر به.
আল্লাহৰ নিয়ামতবোৰ হৈছে তেওঁৰ কৃতজ্ঞতা আৰু ঈমান পোষণ কৰাৰ মাধ্যম, তেওঁৰ লগত কুফৰী কৰাৰ মাধ্যম নহয়। info

• خطر التقليد الأعمى، وخاصة في أمور الاعتقاد.
অন্ধানুকৰণৰ ভয়াৱহতা, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত। info

• أهمية الاستسلام لله والانقياد له وإحسان العمل من أجل مرضاته.
আল্লাহৰ সন্মুখত পৰিপূৰ্ণৰূপে আত্মসমৰ্পন কৰা আৰু তেওঁৰ অনুসৰণৰ লগতে তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে সৎকৰ্ম কৰাৰ গুৰুত্ব। info

• عدم تناهي كلمات الله.
আল্লাহৰ বাণীৰ কোনো অন্ত নাই। info