Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
34 : 18

وَّكَانَ لَهٗ ثَمَرٌ ۚ— فَقَالَ لِصَاحِبِهٖ وَهُوَ یُحَاوِرُهٗۤ اَنَا اَكْثَرُ مِنْكَ مَالًا وَّاَعَزُّ نَفَرًا ۟

এই দুটা বাগানৰ গৰাকীৰ ওচৰত আন আন ফল-মূল আৰু ধন-সম্পত্তিও আছিল। সেয়ে সেই ব্যক্তিজনে তেওঁৰ মুমিন বন্ধুক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে সম্বোধন কৰি ক'লেঃ মই তোমাতকৈ অধিক সম্পত্তিৰ মালিক। মোৰ সন্মানো তোমাতকৈ বেছি, লগতে মোৰ পৰিয়ালো অধিক শক্তিশালী। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• فضيلة صحبة الأخيار، ومجاهدة النفس على صحبتهم ومخالطتهم وإن كانوا فقراء؛ فإن في صحبتهم من الفوائد ما لا يُحْصَى.
পূণ্যৱান লোকসকলৰ সংস্পৰ্শত থকাৰ গুৰুত্ব, তথা মনৰ সকলো প্ৰকাৰ বাধা নেউচি তেওঁলোকৰ সঙ্গ অৱলম্বন কৰা উচিত, যদিও তেওঁলোক দৰিদ্ৰ হয়। কিয়নো তেওঁলোকৰ লগত থকাৰ অগণন উপকাৰ আছে। info

• كثرة الذكر مع حضور القلب سبب للبركة في الأعمار والأوقات.
সৎ মানসেৰে বেছি বেছি জিকৰ আজকাৰ কৰিলে আয়ু আৰু সময়ত বৰকত হয়। info

• قاعدتا الثواب وأساس النجاة: الإيمان مع العمل الصالح؛ لأن الله رتب عليهما الثواب في الدنيا والآخرة.
ছোৱাব আৰু মুক্তি লাভৰ মূল নীতি হৈছে, ঈমানৰ লগতে সৎকৰ্ম কৰা। কিয়নো আল্লাহে পৃথিৱী আৰু আখিৰাতত এই দুটা বিষয়ৰ ওপৰতে ভিত্তি কৰি প্ৰতিদান দিয়াৰ কথা ঘোষণা কৰিছে। info