Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
102 : 10

فَهَلْ یَنْتَظِرُوْنَ اِلَّا مِثْلَ اَیَّامِ الَّذِیْنَ خَلَوْا مِنْ قَبْلِهِمْ ؕ— قُلْ فَانْتَظِرُوْۤا اِنِّیْ مَعَكُمْ مِّنَ الْمُنْتَظِرِیْنَ ۟

তেন্তে এই অস্বীকাৰকাৰীসকলে তেনেকুৱা দুৰ্ঘটনাৰ অপেক্ষাত আছে নেকি, যেনেকুৱা দুৰ্ঘটনাত আল্লাহে পূৰ্বে অতিবাহিত অস্বীকাৰকাৰী সম্প্ৰদায়ক পতিত কৰিছিল। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে আল্লাহৰ শাস্তিৰ অপেক্ষা কৰা, আৰু মই তোমালোকৰ লগত মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতিৰ অপেক্ষাত আছো। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• الإيمان هو السبب في رفعة صاحبه إلى الدرجات العلى والتمتع في الحياة الدنيا.
ঈমানেই হৈছে মুমিনসকলৰ উচ্চ মৰ্যাদা লাভৰ মাধ্যম তথা পাৰ্থিৱ জীৱনত আনন্দ লাভ কৰাৰ উপায়। info

• ليس في مقدور أحد حمل أحد على الإيمان؛ لأن هذا عائد لمشيئة الله وحده.
কোনেও কাকো ঈমান পোষণত বাধ্য কৰাব নোৱাৰে, কিয়নো এয়া কেৱল আল্লাহৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। info

• لا تنفع الآيات والنذر من أصر على الكفر وداوم عليه.
যিসকলে কুফুৰীক খামুচি ধৰিছে আৰু তাৰ ওপৰত অবিচল আছে, সিহঁতৰ ক্ষেত্ৰত নিদৰ্শন আৰু সতৰ্কবাণী কোনো ফলদায়ক নহয়। info

• وجوب الاستقامة على الدين الحق، والبعد كل البعد عن الشرك والأديان الباطلة.
সত্য ধৰ্মৰ ওপৰত অবিচল থকা অনিবাৰ্য, লগতে শ্বিৰ্ক আৰু অসত্য ধৰ্মৰ পৰা দূৰত্ব অৱলম্বন কৰা অপৰিহাৰ্য। info