Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran.

external-link copy
59 : 9

وَلَوْ اَنَّهُمْ رَضُوْا مَاۤ اٰتٰىهُمُ اللّٰهُ وَرَسُوْلُهٗ ۙ— وَقَالُوْا حَسْبُنَا اللّٰهُ سَیُؤْتِیْنَا اللّٰهُ مِنْ فَضْلِهٖ وَرَسُوْلُهٗۤ ۙ— اِنَّاۤ اِلَی اللّٰهِ رٰغِبُوْنَ ۟۠

ছাদাকাহ বিতৰণক কেন্দ্ৰ কৰি আপোনাক সমালোচনা কৰা এই মুনাফিকসকলে যদি আল্লাহ আৰু তেওঁৰ ৰাছুলে প্ৰদান কৰা অংশকলৈ সন্তুষ্ট থাকিলেহেঁতেন আৰু কোৱাহেঁতেন যে, আল্লাহেই আমাৰ বাবে যথেষ্ট, আল্লাহে নিজ অনুগ্ৰহত আমাক যি ইচ্ছা প্ৰদান কৰিব পাৰে, আৰু আল্লাহে যি দান কৰিছে ৰাছুলে আমাক সেয়াই প্ৰদান কৰিছে, আৰু আমি আল্লাহৰ ওচৰতেই প্ৰত্যাশী তেৱেঁই আমাক নিজ অনুগ্ৰহত দান কৰিব। যদি সিহঁতে এইদৰে কৰিলেহেঁতেন তেন্তে আপোনাৰ সমালোচনাতকৈ এয়া সিহঁতৰ পক্ষে কল্যাণকৰ হলেহেঁতেন। info
التفاسير:
Parmi les bénéfices ( méditations ) des versets de cette page:
• الأموال والأولاد قد تكون سببًا للعذاب في الدنيا، وقد تكون سببًا للعذاب في الآخرة، فليتعامل العبد معهما بما يرضي مولاه، فتتحقق بهما النجاة.
ধন-সম্পদ আৰু সন্তান-সন্ততি কেতিয়াবা পৃথিৱীত শাস্তিৰ কাৰণ হৈ থিয় দিয়ে। আকৌ কেতিয়াবা আখিৰাতত শাস্তিৰ কাৰণ হয়। এতেকে বান্দাই এই দুটাৰ লগত তেনেকুৱাই ব্যৱহাৰ কৰা উচিত, যেনেকুৱা ব্যৱহাৰ কৰিলে তাৰ প্ৰতিপালক সন্তুষ্ট হ'ব, যাতে বান্দাই মুক্তি লাভ কৰে। info

• توزيع الزكاة موكول لاجتهاد ولاة الأمور يضعونها على حسب حاجة الأصناف وسعة الأموال.
যাকাত বন্টনৰ দায়িত্ব শাসকসকলৰ। তেওঁলোকে এইসকল লোকৰ মাজত আৱশ্যকতা অনুসাৰে আৰু ধনৰ পৰিমাণ অনুযায়ী বন্টন কৰিব। info

• إيذاء الرسول صلى الله عليه وسلم فيما يتعلق برسالته كفر، يترتب عليه العقاب الشديد.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক তেওঁৰ ৰিছালতক কেন্দ্ৰ কৰি কষ্ট দিয়া কুফুৰী কৰ্ম আৰু ইয়াৰ শাস্তিও অতি কঠোৰ। info

• ينبغي للعبد أن يكون أُذن خير لا أُذن شر، يستمع ما فيه الصلاح والخير، ويُعرض ترفُّعًا وإباءً عن سماع الشر والفساد.
বান্দাই বেয়া কথাৰ পৰিবৰ্তে কেৱল ভাল কথা শুনা উচিত। কেৱল এনেকুৱা কথা শুনা উচিত যাৰ জৰিয়তে সংশোধন হয় তথা যাৰ মাজত কল্যাণ আছে। আনহাতে বেয়া তথা কুংসস্কাৰমূলক কথাৰ পৰা বিৰত থকা উচিত। info