Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran.

external-link copy
147 : 7

وَالَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا وَلِقَآءِ الْاٰخِرَةِ حَبِطَتْ اَعْمَالُهُمْ ؕ— هَلْ یُجْزَوْنَ اِلَّا مَا كَانُوْا یَعْمَلُوْنَ ۟۠

যিসকলে আমাৰ ৰাছুলসকলক সত্যায়ন কৰা আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু কিয়ামতৰ দিনা আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে, সিহঁতৰ সেই সকলো আমল বিনষ্ট হৈছে, যিবোৰৰ ইবাদতৰ অন্তৰ্ভুক্ত আছিল। এতেকে সিহঁতে ইয়াৰ প্ৰতিফল নাপাব, কাৰণ ইয়াৰ চৰ্ত নাইকীয়া হৈছে, আৰু সেয়া হৈছে ঈমান। কিয়ামতৰ দিনা সিহঁতক কেৱল সিহঁতৰ কুফৰ আৰু শ্বিৰ্কৰেই প্ৰতিদান দিয়া হ'ব যিবোৰ সিহঁতে কৰিছিল। আৰু সেই প্ৰতিদান হৈছে, জাহান্নামত চিৰস্থায়ী অৱস্থান। info
التفاسير:
Parmi les bénéfices ( méditations ) des versets de cette page:
• على العبد أن يكون من المُظْهِرين لإحسان الله وفضله عليه، فإن الشكر مقرون بالمزيد.
বান্দাই সদায় আল্লাহৰ উপকাৰ আৰু অনুগ্ৰহবোৰ প্ৰকাশ কৰা উচিত। কিয়নো কৃতজ্ঞতা প্ৰাচুৰ্যৰ লগত সম্পৃক্ত। info

• على العبد الأخذ بالأحسن في الأقوال والأفعال.
বান্দাসকলে সদায় ভাল কাম আৰু ভাল কথা কোৱা উচিত। info

• يجب تلقي الشريعة بحزم وجد وعزم على الطاعة وتنفيذ ما ورد فيها من الصلاح والإصلاح ومنع الفساد والإفساد.
বান্দাসকলে চৰীয়তৰ ক্ষেত্ৰত সম্পূৰ্ণ সতৰ্কতা আৰু তত্পৰতা দেখুৱা উচিত তথা সত্কৰ্ম আৰু সংস্কাৰৰ ক্ষেত্ৰত লগতে ফিতনা- ফাছাদ ৰোধ কৰিবলৈ দৃঢ়তাপূৰ্ণ প্ৰয়াস কৰা উচিত। info

• على العبد إذا أخطأ أو قصَّر في حق ربه أن يعترف بعظيم الجُرْم الذي أقدم عليه، وأنه لا ملجأ من الله في إقالة عثرته إلا إليه.
যেতিয়া বান্দাৰ দ্বাৰা তেওঁৰ প্ৰতিপালকৰ কোনো আদেশ পালনত ভুল-ত্ৰুটি হয়, তেতিয়া সেই অপৰাধ স্বীকাৰ কৰা উচিত। লগতে এই বিশ্বাস পোষণ কৰা উচিত যে, তেওঁৰ এই ভুলক আল্লাহৰ বাহিৰে আন কোনেও ক্ষমা কৰিব নোৱাৰিব। info