Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran.

external-link copy
5 : 6

فَقَدْ كَذَّبُوْا بِالْحَقِّ لَمَّا جَآءَهُمْ ؕ— فَسَوْفَ یَاْتِیْهِمْ اَنْۢبٰٓؤُا مَا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟

যদি সিহঁতে এই স্পষ্ট প্ৰমাণবোৰৰ পৰা মুখ ঘূৰাই লয়, (তেন্তে এয়া কোনো আচৰিত কথা নহয়) কিয়নো সিহঁতে ইয়াতকৈয়ো স্পষ্ট বিষয়ৰ পৰাও মুখ ঘূৰাই লৈছে। সিহঁতে কোৰআনক অস্বীকাৰ কৰিছে, যিটো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ আহিছে। কিন্তু ক্বিয়ামতৰ দিনা যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতৰ মনত পৰিব যে, সিহঁতে যিটোক উপহাস কৰিছিল সেইটোৱেই সত্য। info
التفاسير:
Parmi les bénéfices ( méditations ) des versets de cette page:
• شدة عناد الكافرين، وبيان إصرارهم على الكفر على الرغم من قيام الحجة عليهم بالأدلة الحسية.
কাফিৰসকলৰ চৰম অবাধ্যতাৰ বৰ্ণনা যে, সিহঁতে অনুভূত দলীল-প্ৰমাণ পোৱাৰ পিছতো কুফৰৰ ওপৰত অটল থাকে। info

• التأمل في سنن الله تعالى في السابقين لمعرفة أسباب هلاكهم والحذر منها.
অতীত লোক সকলৰ প্ৰতি আল্লাহৰ নীতি-নিয়মসমূহৰ চৰ্চা কৰা, যাতে সিহঁতৰ ধ্বংসৰ কাৰণসমূহ গম পোৱা যায় লগতে সেইবোৰৰ পৰা বিৰত থাকিব পাৰি। info

• من رحمة الله بعباده أن لم ينزل لهم رسولًا من الملائكة لأنهم لا يمهلون للتوبة إذا نزل.
বান্দাৰ প্ৰতি আল্লাহৰ অন্যতম এটা কৃপা হৈছে এই যে, তেওঁ সিহঁতৰ প্ৰতি ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰা নাই, কাৰণ এনেকুৱা পৰিস্থিতিত সিহঁতে তাওবাৰ অৱকাশ নাপালেহেঁতেন। info