Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran.

external-link copy
11 : 11

اِلَّا الَّذِیْنَ صَبَرُوْا وَعَمِلُوا الصّٰلِحٰتِ ؕ— اُولٰٓىِٕكَ لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ كَبِیْرٌ ۟

কিন্তু যিসকলে কষ্টত ধৈৰ্য ধাৰণ কৰিছে, আৰু আনুগত্য কৰিছে, তথা গুনাহৰ পৰা দূৰত্ব অৱলম্বন কৰিছে, লগতে সৎকৰ্ম কৰিছে, তেওঁলোকৰ অৱস্থা হৈছে ভিন্ন। তেওঁলোকৰ মাজত হতাশা বিৰাজ নকৰিব, আৰু তেওঁলোকে আল্লাহৰ নিয়ামতৰ অকৃতজ্ঞতাও নকৰিব, আনকি তেওঁলোক মানুহৰ আগত অহংকাৰো নকৰিব। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলে নিজৰ গুনাহৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ফালৰ পৰা ক্ষমা তথা মাৰ্জনা লাভ কৰিব। লগতে তেওঁলোকৰ বাবে আখিৰাতত থাকিব মহাপ্ৰতিফল। info
التفاسير:
Parmi les bénéfices ( méditations ) des versets de cette page:
• سعة علم الله تعالى وتكفله بأرزاق مخلوقاته من إنسان وحيوان وغيرهما.
আল্লাহৰ জ্ঞানৰ ব্যাপকতা, আৰু সকলো সৃষ্টিৰ জীৱিকাৰ দায়িত্ব গ্ৰহণ, সেয়া মানুহেই হওঁক অথবা জীৱ-জন্তু। info

• بيان علة الخلق؛ وهي اختبار العباد بامتثال أوامر الله واجتناب نواهيه.
সৃষ্টিজগত সৃষ্টি কৰাৰ উদ্দেশ্য। সেয়া হৈছেঃ আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ মাধ্যমত বান্দাসকলক পৰীক্ষা কৰা। info

• لا ينبغي الاغترار بإمهال الله تعالى لأهل معصيته، فإنه قد يأخذهم فجأة وهم لا يشعرون.
আল্লাহে দিয়া অৱকাশক গুনাহগাৰ বান্দাসকলে অৱহেলা কৰা উচিত নহয়। কাৰণ তেওঁ কেতিয়াবা আকস্মিক গ্ৰেপ্তাৰ কৰে, ফলত মানুহে উপলব্ধিও কৰিব নোৱাৰে। info

• بيان حال الإنسان في حالتي السعة والشدة، ومدح موقف المؤمن المتمثل في الصبر والشكر.
দুখ-কষ্ট আৰু সুখ-শান্তি উভয় পৰিস্থিতিত মানুহৰ অৱস্থাৰ বৰ্ণনা, তথা ধৈৰ্য আৰু কৃতজ্ঞতাৰ পথ অৱলম্বন কৰা মুমিনসকলৰ প্ৰশংসা। info