Traducción de los significados del Sagrado Corán - Traducción Assamese de Al-Mujtasar para la Exégesis del Sagrado Corán.

external-link copy
8 : 51

اِنَّكُمْ لَفِیْ قَوْلٍ مُّخْتَلِفٍ ۟ۙ

হে মক্কাৰ অধিবাসীসকল! নিশ্চয় তোমালোকৰ কথাৰ মাজত বহুতো বিৰোধাভাস পোৱা যায়। তোমালোকে কেতিয়াবা কোৰআনক যাদু বুলি কোৱা, আকৌ কেতিয়াবা কবিতা বুলি কোৱা। আনহাতে কেতিয়াবা মুহাম্মদক যাদুকৰ বুলি কোৱা আৰু কেতিয়াবা তেওঁক কবি বুলি কোৱা। info
التفاسير:
Beneficios de los versículos de esta página:
• إحسان العمل وإخلاصه لله سبب لدخول الجنة.
নিৰ্ভেজালভাৱে আল্লাহৰ বাবে সৎকৰ্ম কৰাটো হৈছে জান্নাতত প্ৰৱেশ কৰাৰ উপায়। info

• فضل قيام الليل وأنه من أفضل القربات.
ৰাতিৰ চালাতৰ গুৰুত্ব, তথা তাহাজ্জুদ হৈছে সান্নিধ্য লাভ কৰাৰ অন্যতম ইবাদত। info

• من آداب الضيافة: رد التحية بأحسن منها، وتحضير المائدة خفية، والاستعداد للضيوف قبل نزولهم، وعدم استثناء شيء من المائدة، والإشراف على تحضيرها، والإسراع بها، وتقريبها للضيوف، وخطابهم برفق.
অতিথি আপ্যায়নৰ কেইটামান বিশেষ নীতি হৈছে এনেকুৱাঃ উত্তমভাৱে ছালামৰ উত্তৰ দিয়া, গোপনে খাদ্য বস্তু উপস্থিত কৰা, অতিথি অহাৰ পূৰ্বৰে পৰা ইয়াৰ বাবে প্ৰস্তুতি লোৱা, অতিথিসকলৰ সন্মুখৰ পৰা কোনো বস্তু পৃথকে ৰখা ঠিক নহয়, খোৱা বস্তু নিজে উপস্থিত কৰা, এইক্ষেত্ৰত ততাতৈয়া কৰা, পানাহাৰ অতিসকলৰ সন্মুখত আগুৱাই দিয়া, তেওঁলোকৰ সৈতে বিনম্ৰতাৰে কথা কোৱা ইত্যাদি। info