Traducción de los significados del Sagrado Corán - Traducción Assamese de Al-Mujtasar para la Exégesis del Sagrado Corán.

external-link copy
56 : 12

وَكَذٰلِكَ مَكَّنَّا لِیُوْسُفَ فِی الْاَرْضِ ۚ— یَتَبَوَّاُ مِنْهَا حَیْثُ یَشَآءُ ؕ— نُصِیْبُ بِرَحْمَتِنَا مَنْ نَّشَآءُ وَلَا نُضِیْعُ اَجْرَ الْمُحْسِنِیْنَ ۟

যিদৰে আমি ইউছুফক দোষমুক্ত কৰি আৰু কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰি তেওঁৰ প্ৰতি কৃপা কৰিছো, ঠিক সেইদৰে আমি তেওঁক মিচৰ ভূমিত প্ৰভুত্ব প্ৰদান কৰি উপকাৰ কৰিছো। তেওঁ যতেই ইচ্ছা ততেই অৱস্থান কৰিব পাৰে। আমি আমাৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা তাকেই পৃথিৱীত কৃপা দান কৰো, লগতে আমি পূণ্যৱানসকলৰ ছোৱাব কেতিয়াও বিনষ্ট নকৰো। বৰং তেওঁলোকক আমি কোনো ধৰণৰ লোকচান নকৰাকৈ পৰিপূৰ্ণ ছোৱাব প্ৰদান কৰো। info
التفاسير:
Beneficios de los versículos de esta página:
• من أعداء المؤمن: نفسه التي بين جنبيه؛ لذا وجب عليه مراقبتها وتقويم اعوجاجها.
মুমিনৰ অন্যতম শত্ৰু হৈছে তাৰ অন্তৰ। এতেকে সদায় ইয়াৰ চোৱাচিতা কৰা জৰুৰী তথা ইয়াক বক্ৰতাৰ পৰা ঠিক কৰা আৱশ্যক। info

• اشتراط العلم والأمانة فيمن يتولى منصبًا يصلح به أمر العامة.
সৰ্বসাধাৰণৰ কল্যাণৰ বাবে কোনো পদত অধিষ্ঠিত হ'বলৈ জ্ঞান তথা আমানতদাৰ হোৱা চৰ্ত। info

• بيان أن ما في الآخرة من فضل الله، إنما هو خير وأبقى وأفضل لأهل الإيمان.
এই কথাৰ বৰ্ণনা যে, আখিৰাতত যি আছে সেয়া আল্লাহৰ কৃপাতে লাভ হ'ব। নিশ্চয় সেয়া মুমিনসকলৰ বাবে কল্যাণকৰ, চিৰস্থায়ী তথা উত্তম। info

• جواز طلب الرجل المنصب ومدحه لنفسه إن دعت الحاجة، وكان مريدًا للخير والصلاح.
প্ৰয়োজনত নিজৰ বাবে পদ বিচৰা তথা নিজৰ প্ৰশংসা কৰা বৈধ, যদি তেওঁ কল্যাণ তথা সংশোধন কৰিব বিচাৰে। info