Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman.

আল-ক্বিয়ামাহ

external-link copy
1 : 75

لَاۤ اُقْسِمُ بِیَوْمِ الْقِیٰمَةِ ۟ۙ

মই শপত কৰিছোঁ ক্বিয়ামতৰ দিৱসৰ, info
التفاسير:

external-link copy
2 : 75

وَلَاۤ اُقْسِمُ بِالنَّفْسِ اللَّوَّامَةِ ۟

মই আৰু শপত কৰিছোঁ আত্মনিন্দাকাৰী আত্মাৰ, info
التفاسير:

external-link copy
3 : 75

اَیَحْسَبُ الْاِنْسَانُ اَلَّنْ نَّجْمَعَ عِظَامَهٗ ۟ؕ

মানুহে ভাবে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম? info
التفاسير:

external-link copy
4 : 75

بَلٰى قٰدِرِیْنَ عَلٰۤی اَنْ نُّسَوِّیَ بَنَانَهٗ ۟

কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম। info
التفاسير:

external-link copy
5 : 75

بَلْ یُرِیْدُ الْاِنْسَانُ لِیَفْجُرَ اَمَامَهٗ ۟ۚ

বৰং মানুহে ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ ইচ্ছুক। info
التفاسير:

external-link copy
6 : 75

یَسْـَٔلُ اَیَّانَ یَوْمُ الْقِیٰمَةِ ۟ؕ

সি প্ৰশ্ন কৰে, ক্বিয়ামত দিৱস কেতিয়া আহিব? info
التفاسير:

external-link copy
7 : 75

فَاِذَا بَرِقَ الْبَصَرُ ۟ۙ

এতেকে যেতিয়া চকু স্থিৰ হৈ যাব, info
التفاسير:

external-link copy
8 : 75

وَخَسَفَ الْقَمَرُ ۟ۙ

আৰু চন্দ্ৰ জ্যোতিবিহীন হৈ পৰিব, info
التفاسير:

external-link copy
9 : 75

وَجُمِعَ الشَّمْسُ وَالْقَمَرُ ۟ۙ

আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব- info
التفاسير:

external-link copy
10 : 75

یَقُوْلُ الْاِنْسَانُ یَوْمَىِٕذٍ اَیْنَ الْمَفَرُّ ۟ۚ

সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’? info
التفاسير:

external-link copy
11 : 75

كَلَّا لَا وَزَرَ ۟ؕ

কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই। info
التفاسير:

external-link copy
12 : 75

اِلٰى رَبِّكَ یَوْمَىِٕذِ ١لْمُسْتَقَرُّ ۟ؕ

সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত। info
التفاسير:

external-link copy
13 : 75

یُنَبَّؤُا الْاِنْسَانُ یَوْمَىِٕذٍ بِمَا قَدَّمَ وَاَخَّرَ ۟ؕ

সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব, সি আগলৈ কি পঠিয়াইছিল আৰু পিছফালে কি থৈ আহিছে। info
التفاسير:

external-link copy
14 : 75

بَلِ الْاِنْسَانُ عَلٰی نَفْسِهٖ بَصِیْرَةٌ ۟ۙ

বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত, info
التفاسير:

external-link copy
15 : 75

وَّلَوْ اَلْقٰى مَعَاذِیْرَهٗ ۟ؕ

যদিও সি নানা অজুহাত দেখুৱায়। info
التفاسير:

external-link copy
16 : 75

لَا تُحَرِّكْ بِهٖ لِسَانَكَ لِتَعْجَلَ بِهٖ ۟ؕ

ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা। info
التفاسير:

external-link copy
17 : 75

اِنَّ عَلَیْنَا جَمْعَهٗ وَقُرْاٰنَهٗ ۟ۚۖ

নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই। info
التفاسير:

external-link copy
18 : 75

فَاِذَا قَرَاْنٰهُ فَاتَّبِعْ قُرْاٰنَهٗ ۟ۚ

এতেকে আমি যেতিয়া (জিব্ৰীলৰ মাধ্যমত) ইয়াক পাঠ কৰোঁ তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা, info
التفاسير:

external-link copy
19 : 75

ثُمَّ اِنَّ عَلَیْنَا بَیَانَهٗ ۟ؕ

তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও নিশ্চিতভাৱে আমাৰেই। info
التفاسير:

external-link copy
20 : 75

كَلَّا بَلْ تُحِبُّوْنَ الْعَاجِلَةَ ۟ۙ

কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনকহে ভাল পোৱা; info
التفاسير:

external-link copy
21 : 75

وَتَذَرُوْنَ الْاٰخِرَةَ ۟ؕ

আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা। info
التفاسير:

external-link copy
22 : 75

وُجُوْهٌ یَّوْمَىِٕذٍ نَّاضِرَةٌ ۟ۙ

সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব, info
التفاسير:

external-link copy
23 : 75

اِلٰى رَبِّهَا نَاظِرَةٌ ۟ۚ

সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব। info
التفاسير:

external-link copy
24 : 75

وَوُجُوْهٌ یَّوْمَىِٕذٍ بَاسِرَةٌ ۟ۙ

আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব, info
التفاسير:

external-link copy
25 : 75

تَظُنُّ اَنْ یُّفْعَلَ بِهَا فَاقِرَةٌ ۟ؕ

সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব। info
التفاسير:

external-link copy
26 : 75

كَلَّاۤ اِذَا بَلَغَتِ التَّرَاقِیَ ۟ۙ

নিশ্চয়, যেতিয়া প্ৰাণ কণ্ঠাগত হ’ব, info
التفاسير:

external-link copy
27 : 75

وَقِیْلَ مَنْ ٚ— رَاقٍ ۟ۙ

আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’? info
التفاسير:

external-link copy
28 : 75

وَّظَنَّ اَنَّهُ الْفِرَاقُ ۟ۙ

তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ। info
التفاسير:

external-link copy
29 : 75

وَالْتَفَّتِ السَّاقُ بِالسَّاقِ ۟ۙ

আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব। info
التفاسير:

external-link copy
30 : 75

اِلٰى رَبِّكَ یَوْمَىِٕذِ ١لْمَسَاقُ ۟ؕ۠

সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব। info
التفاسير:

external-link copy
31 : 75

فَلَا صَدَّقَ وَلَا صَلّٰى ۟ۙ

কাৰণ সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই। info
التفاسير:

external-link copy
32 : 75

وَلٰكِنْ كَذَّبَ وَتَوَلّٰى ۟ۙ

বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল। info
التفاسير:

external-link copy
33 : 75

ثُمَّ ذَهَبَ اِلٰۤی اَهْلِهٖ یَتَمَطّٰى ۟ؕ

তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল, info
التفاسير:

external-link copy
34 : 75

اَوْلٰى لَكَ فَاَوْلٰى ۟ۙ

দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ! info
التفاسير:

external-link copy
35 : 75

ثُمَّ اَوْلٰى لَكَ فَاَوْلٰى ۟ؕ

আকৌ দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ! info
التفاسير:

external-link copy
36 : 75

اَیَحْسَبُ الْاِنْسَانُ اَنْ یُّتْرَكَ سُدًی ۟ؕ

মানুহে ভাবে নেকি যে, তাক এনেই এৰি দিয়া হ’ব? info
التفاسير:

external-link copy
37 : 75

اَلَمْ یَكُ نُطْفَةً مِّنْ مَّنِیٍّ یُّمْنٰى ۟ۙ

সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়? info
التفاسير:

external-link copy
38 : 75

ثُمَّ كَانَ عَلَقَةً فَخَلَقَ فَسَوّٰى ۟ۙ

তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে। info
التفاسير:

external-link copy
39 : 75

فَجَعَلَ مِنْهُ الزَّوْجَیْنِ الذَّكَرَ وَالْاُ ۟ؕ

তাৰ পিছত তেওঁ তাৰ পৰাই সৃষ্টি কৰে যোৰ যোৰকৈ নৰ-নাৰী। info
التفاسير:

external-link copy
40 : 75

اَلَیْسَ ذٰلِكَ بِقٰدِرٍ عَلٰۤی اَنْ یُّحْیِ الْمَوْتٰى ۟۠

সেইজন স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু? info
التفاسير: