Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman.

external-link copy
70 : 5

لَقَدْ اَخَذْنَا مِیْثَاقَ بَنِیْۤ اِسْرَآءِیْلَ وَاَرْسَلْنَاۤ اِلَیْهِمْ رُسُلًا ؕ— كُلَّمَا جَآءَهُمْ رَسُوْلٌۢ بِمَا لَا تَهْوٰۤی اَنْفُسُهُمْ ۙ— فَرِیْقًا كَذَّبُوْا وَفَرِیْقًا یَّقْتُلُوْنَ ۟ۗ

নিশ্চয় আমি বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ লৈছিলোঁ আৰু সিহঁতৰ ওচৰলৈ বহুতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ। যেতিয়াই কোনো ৰাছুলে সিহঁতৰ ওচৰলৈ এনেকুৱা কোনো বিধান লৈ আহিছিল যিটো সিহঁতৰ প্ৰবৃত্তিৰ বিপৰীত আছিল, তেতিয়াই সিহঁতে কিছুমান ৰাছুলক মিথ্যাৰোপ কৰিছিল আৰু কিছুমানক হত্যা কৰিছিল। info
التفاسير: