Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman.

external-link copy
74 : 2

ثُمَّ قَسَتْ قُلُوْبُكُمْ مِّنْ بَعْدِ ذٰلِكَ فَهِیَ كَالْحِجَارَةِ اَوْ اَشَدُّ قَسْوَةً ؕ— وَاِنَّ مِنَ الْحِجَارَةِ لَمَا یَتَفَجَّرُ مِنْهُ الْاَنْهٰرُ ؕ— وَاِنَّ مِنْهَا لَمَا یَشَّقَّقُ فَیَخْرُجُ مِنْهُ الْمَآءُ ؕ— وَاِنَّ مِنْهَا لَمَا یَهْبِطُ مِنْ خَشْیَةِ اللّٰهِ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟

ইয়াৰ পিছতো তোমালোকৰ হৃদয় কঠিন হৈ পৰিছিল, যেনিবা শিল অথবা তাতোকৈ কঠিন। অথচ কিছুমান শিল এনেকুৱাও আছে যিটোৰ পৰা নৈ-নিজৰা প্ৰবাহিত হয়, আৰু কিছুমান এনেকুৱাও আছে যিটো বিদীৰ্ণ হোৱাৰ পিছত তাৰ পৰা পানী নিৰ্গত হয়, আৰু কিছুমান আছে আল্লাহৰ ভয়ত খহি পৰে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়। info
التفاسير: