Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman.

external-link copy
232 : 2

وَاِذَا طَلَّقْتُمُ النِّسَآءَ فَبَلَغْنَ اَجَلَهُنَّ فَلَا تَعْضُلُوْهُنَّ اَنْ یَّنْكِحْنَ اَزْوَاجَهُنَّ اِذَا تَرَاضَوْا بَیْنَهُمْ بِالْمَعْرُوْفِ ؕ— ذٰلِكَ یُوْعَظُ بِهٖ مَنْ كَانَ مِنْكُمْ یُؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ— ذٰلِكُمْ اَزْكٰی لَكُمْ وَاَطْهَرُ ؕ— وَاللّٰهُ یَعْلَمُ وَاَنْتُمْ لَا تَعْلَمُوْنَ ۟

আৰু যেতিয়া তোমালোকে স্ত্ৰীসকলক তালাক্ব দিয়া আৰু সিহঁতে সিহঁতৰ ইদ্দতকাল পূৰ্ণ কৰে, ইয়াৰ পিছত যদি সিহঁতে বিধি মুতাবিক পৰস্পৰে সন্মত হয়, তেন্তে স্ত্ৰীসকলে নিজৰ (পূৰ্ব) স্বামীৰ লগত বিবাহ পাশত আৱদ্ধ হ’ব বিচাৰিলে তোমালোকে সিহঁতক বাধা প্ৰদান নকৰিবা। ইয়াৰ দ্বাৰা সেই ব্যক্তিক উপদেশ দিয়া হৈছে তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, এইটোৱে তোমালোকৰ বাবে শুদ্ধ আৰু পৱিত্ৰ; আৰু আল্লাহে জানে তোমালোকেহে নাজানা। info
التفاسير: