Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman.

external-link copy
184 : 2

اَیَّامًا مَّعْدُوْدٰتٍ ؕ— فَمَنْ كَانَ مِنْكُمْ مَّرِیْضًا اَوْ عَلٰی سَفَرٍ فَعِدَّةٌ مِّنْ اَیَّامٍ اُخَرَ ؕ— وَعَلَی الَّذِیْنَ یُطِیْقُوْنَهٗ فِدْیَةٌ طَعَامُ مِسْكِیْنٍ ؕ— فَمَنْ تَطَوَّعَ خَیْرًا فَهُوَ خَیْرٌ لَّهٗ ؕ— وَاَنْ تَصُوْمُوْا خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟

(ৰোজা) নিৰ্দিষ্ট কিছুমান দিনৰ বাবে। এতেকে তোমালোকৰ মাজত কোনোবাই অসুস্থ হ’লে অথবা ভ্ৰমণত থাকিলে, আন দিনবোৰত এই সংখ্যা পূৰণ কৰি লব, আৰু যিসকলৰ বাবে ছিয়াম পালন কৰা কষ্টসাধ্য সিহঁতৰ কৰ্তব্য হৈছে ইয়াৰ পৰিবৰ্তে ফিদিয়া- এজন মিছকিনক খাদ্য দান কৰা। যদি কোনোবাই স্বেচ্ছাই সৎকৰ্ম কৰে তেন্তে সেয়া তাৰ বাবে কল্যাণকৰ; আৰু ছিয়াম পালন কৰাটোৱে তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন! info
التفاسير: