Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
19 : 7

وَیٰۤاٰدَمُ اسْكُنْ اَنْتَ وَزَوْجُكَ الْجَنَّةَ فَكُلَا مِنْ حَیْثُ شِئْتُمَا وَلَا تَقْرَبَا هٰذِهِ الشَّجَرَةَ فَتَكُوْنَا مِنَ الظّٰلِمِیْنَ ۟

আল্লাহে আদমক ক'লেঃ হে আদম! তুমি নিজৰ পত্নীৰ সৈতে জান্নাতত বসবাস কৰা, ইয়াত থকা পৱিত্ৰ বস্তুসমূহৰ পৰা যি ইচ্ছা ভক্ষণ কৰা, কিন্তু সৌ সেইজোপা (কোনো এটা নিৰ্দিষ্ট গছৰ পিনে ইংগিত কৰি কলে) গছৰ ফল ভক্ষণ নকৰিবা। এতেকে মই নিষেধ কৰাৰ পিছতো যদি তোমালোকে তাৰ পৰা ভক্ষণ কৰা তেন্তে তোমালোক উভয়ে আল্লাহৰ সীমা লঙ্ঘনকাৰী সকলৰ অন্তৰ্ভুক্ত হ'বা। info
التفاسير:
Benefits of the verses in this page:
• دلّت الآيات على أن من عصى مولاه فهو ذليل.
এই আয়াতবোৰৰ দ্বাৰা বুজা গ'ল যে, যিয়ে আল্লাহৰ অবাধ্যতা কৰিব, সি লাঞ্ছিত হ'ব। info

• أعلن الشيطان عداوته لبني آدم، وتوعد أن يصدهم عن الصراط المستقيم بكل أنواع الوسائل والأساليب.
চয়তানে আদম সন্তানৰ লগত নিজৰ শত্ৰুতা ঘোষণা কৰিছে, আৰু সিহঁতক পোন পথৰ পৰা বিৰত ৰাখিবলৈ সকলো প্ৰকাৰ উপায় অৱলম্বন কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। info

• خطورة المعصية وأنها سبب لعقوبات الله الدنيوية والأخروية.
গুনাহৰ ভয়াৱহতা, আৰু গুনাহ হৈছে পৃথিৱী আৰু আখিৰাতত শাস্তি পোৱাৰ কাৰণ। info