Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
33 : 46

اَوَلَمْ یَرَوْا اَنَّ اللّٰهَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَلَمْ یَعْیَ بِخَلْقِهِنَّ بِقٰدِرٍ عَلٰۤی اَنْ یُّحْیِ الْمَوْتٰی ؕ— بَلٰۤی اِنَّهٗ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই মুশ্বৰিকসকলে লক্ষ্য কৰা নাই নেকি যে, যি আল্লাহে বিশালাকাৰ, বৃহদায়তন আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, যিবোৰ সৃষ্টি কৰিবলৈ তেওঁৰ কোনো অসুবিধা হোৱা নাই, তেওঁ নিশ্চয় মৃতসকলকো হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম?! হয়, নিশ্চয় তেওঁ সিহঁতক জীৱিত কৰিবলৈ সক্ষম। নিশ্চয় তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। গতিকে মৃতসকলক জীৱন দানৰ ক্ষেত্ৰতো তেওঁ অপাৰগ নহয়। info
التفاسير:
Benefits of the verses in this page:
• من حسن الأدب الاستماع إلى المتكلم والإنصات له.
উত্তম শিষ্টাচাৰৰ দাবী হৈছে বক্তাৰ কথা মনোযোগ সহকাৰে শুনা তথা কথা কোৱাৰ সময়ত মনে মনে থকা। info

• سرعة استجابة المهتدين من الجنّ إلى الحق رسالة ترغيب إلى الإنس.
জিনসকলে সত্য গ্ৰহণৰ ক্ষেত্ৰত যিদৰে আগ্ৰহ দেখুৱাইছে, সেইটোও দৰাচলতে মানুহৰ বাবে এটা প্ৰেৰণাদায়ক বাৰ্তা। info

• الاستجابة إلى الحق تقتضي المسارعة في الدعوة إليه.
সত্য স্বীকাৰ কৰাৰ লগে লগে তাৰ প্ৰতি অন্যান্য লোকসকলক আহ্বান কৰাৰ দায়িত্ব আহি পৰে। info

• الصبر خلق الأنبياء عليهم السلام.
ধৈৰ্য্য হৈছে নবীসকলৰ অন্যতম বৈশিষ্ট্য। info