Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

Page Number:close

external-link copy
61 : 43

وَاِنَّهٗ لَعِلْمٌ لِّلسَّاعَةِ فَلَا تَمْتَرُنَّ بِهَا وَاتَّبِعُوْنِ ؕ— هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟

নিশ্চয় ঈছা আলাইহিচ্ছালাম হৈছে কিয়ামতৰ অন্যতম ডাঙৰ প্ৰতীক, যেতিয়া তেওঁ সৰ্বশেষ যামানাত অৱতৰণ কৰিব। গতিকে কিয়ামত যে অৱশ্যম্ভাৱী এই কথাত তোমালোকে কেতিয়াও সন্দেহ পোষণ নকৰিবা। বৰং তোমালোকে মোৰ সেই দিশ নিৰ্দেশনাৰ অনুসৰণ কৰা, যিটো মই আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ আনিছোঁ। মই লৈ অহা এই চৰীয়তটোৱে হৈছে সঠিক, যিটোৰ মাজত কোনো ধৰণৰ বক্ৰতা নাই। info
التفاسير:

external-link copy
62 : 43

وَلَا یَصُدَّنَّكُمُ الشَّیْطٰنُ ۚ— اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟

চয়তানে যাতে তোমালোকক প্ৰতাৰণা কৰি বিভ্ৰান্ত কৰিব নোৱাৰে। নিশ্চয় চয়তান হৈছে তোমালোকৰ প্ৰকাশ্য শত্ৰু। info
التفاسير:

external-link copy
63 : 43

وَلَمَّا جَآءَ عِیْسٰی بِالْبَیِّنٰتِ قَالَ قَدْ جِئْتُكُمْ بِالْحِكْمَةِ وَلِاُبَیِّنَ لَكُمْ بَعْضَ الَّذِیْ تَخْتَلِفُوْنَ فِیْهِ ۚ— فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟

ঈছা আলাইহিচ্ছালাম যেতিয়া তেওঁৰ জাতিৰ ওচৰলৈ ৰাছুল হোৱাৰ স্পষ্ট প্ৰমাণ লৈ আহিল, আৰু সিহঁতক ক’লেঃ নিশ্চয় মই তোমালোকৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা হিকমত লৈ আহিছোঁ। লগতে তোমালোকে দ্বীন সম্পৰ্কীয় যিবোৰ বিষয়ত মতভেদ কৰিছা, সেইবোৰ স্পষ্ট কৰিবলৈ আহিছোঁ। গতিকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। লগতে মই তোমালোকক যি আদেশ দিওঁ আৰু যিবোৰ বিষয়ৰ পৰা তোমালোকক নিষেধ কৰোঁ সেই ক্ষেত্ৰত তোমালোকে মোৰ অনুসৰণ কৰা। info
التفاسير:

external-link copy
64 : 43

اِنَّ اللّٰهَ هُوَ رَبِّیْ وَرَبُّكُمْ فَاعْبُدُوْهُ ؕ— هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟

নিশ্চয় আল্লাহেই হৈছে মোৰ আৰু তোমালোকৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই। গতিকে নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰেই ইবাদত কৰা। এই তাওহীদেই হৈছে সঠিক পথ, ইয়াত কোনো ধৰণৰ বক্ৰতা নাই। info
التفاسير:

external-link copy
65 : 43

فَاخْتَلَفَ الْاَحْزَابُ مِنْ بَیْنِهِمْ ۚ— فَوَیْلٌ لِّلَّذِیْنَ ظَلَمُوْا مِنْ عَذَابِ یَوْمٍ اَلِیْمٍ ۟

খৃষ্টানসকলৰ বিভিন্ন গোটে ঈছা আলাইহিচ্ছালামৰ বিষয়ে মতভেদ সৃষ্টি কৰিছিল। সিহঁতৰ মাজৰ কিছুমানে কয়ঃ তেওঁ হৈছে উপাস্য, আৰু কিছুমানে কয়ঃ তেওঁ হৈছে আল্লাহৰ পুত্ৰ। আন কিছুমানে কয়ঃ তেওঁ আৰু তেওঁৰ মাতৃ হৈছে উপাসনাৰ যোগ্য। গতিকে সেইসকল লোকৰ বাবে বিনাশ অনিবাৰ্য, যিসকলে ঈছা আলাইহিচ্ছালামক উপাস্য অথবা পুত্ৰ নাইবা তিনি উপাস্যৰ এজন বুলি কৈ নিজৰ ওপৰত অন্যায় কৰিছে। এতেকে কিয়ামতৰ দিনা সিহঁতৰ অপেক্ষাত আছে কষ্টদায়ক শাস্তি। info
التفاسير:

external-link copy
66 : 43

هَلْ یَنْظُرُوْنَ اِلَّا السَّاعَةَ اَنْ تَاْتِیَهُمْ بَغْتَةً وَّهُمْ لَا یَشْعُرُوْنَ ۟

ঈছা আলাইহিচ্ছালামৰ বিষয়ে বিভেদ সৃষ্টি কৰা এই লোকসকলে কিয়ামতৰ আকস্মিক আগমনৰ অপেক্ষাত আছে নেকি? এনেকুৱা হ’লে সিহঁতে উপলব্ধিও কৰিব নোৱাৰিব। লগতে জানি থোৱা! যদি সিহঁত কুফৰীত থকা অৱস্থাতে কিয়ামত আহি পায় তেন্তে সিহঁতৰ পৰিণাম হ’ব কষ্টদায়ক শাস্তি। info
التفاسير:

external-link copy
67 : 43

اَلْاَخِلَّآءُ یَوْمَىِٕذٍ بَعْضُهُمْ لِبَعْضٍ عَدُوٌّ اِلَّا الْمُتَّقِیْنَ ۟ؕ۠

কুফৰ তথা পথভ্ৰষ্টতাৰ ভিত্তিত মিত্ৰতা কৰা লোকসকলে কিয়ামতৰ দিনা ইজনে সিজনৰ শত্ৰুত পৰিণত হ’ব। পক্ষান্তৰে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা লোকসকলৰ মিত্ৰতা সদায় অৱশিষ্ট থাকিব, কেতিয়াও সমাপ্ত নহ’ব। info
التفاسير:

external-link copy
68 : 43

یٰعِبَادِ لَا خَوْفٌ عَلَیْكُمُ الْیَوْمَ وَلَاۤ اَنْتُمْ تَحْزَنُوْنَ ۟ۚ

আল্লাহে তেওঁলোকক ক’বঃ হে মোৰ বান্দাসকল! আজিৰ পৰা তোমালোকৰ ভৱিষ্যতে সন্মুখীন হ’বলগীয়া বিষয়বোৰকলৈ কোনো চিন্তা নাই। আনহাতে পৃথিৱীত এৰি থৈ অহা সা-সামগ্ৰী সম্পৰ্কেও কোনো দুখ নাথাকিব। info
التفاسير:

external-link copy
69 : 43

اَلَّذِیْنَ اٰمَنُوْا بِاٰیٰتِنَا وَكَانُوْا مُسْلِمِیْنَ ۟ۚ

যিসকলে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰতি ঈমান পোষণ কৰে তথা কোৰআন মুতাবিক আমল কৰে, তেওঁলোকেই আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত ৰাখে। info
التفاسير:

external-link copy
70 : 43

اُدْخُلُوا الْجَنَّةَ اَنْتُمْ وَاَزْوَاجُكُمْ تُحْبَرُوْنَ ۟

আপুনি আৰু আপোনাৰ দৰে মুমিনসকলে জান্নাতত প্ৰৱেশ কৰক। নিশ্চয় আপোনালোকে জান্নাতৰ চিৰস্থায়ী নিয়ামতৰ দ্বাৰা আনন্দিত হ’ব, যিবোৰ নিয়ামত কেতিয়াও শেষ নহ’ব আৰু বিচ্ছিন্নও নহ’ব। info
التفاسير:

external-link copy
71 : 43

یُطَافُ عَلَیْهِمْ بِصِحَافٍ مِّنْ ذَهَبٍ وَّاَكْوَابٍ ۚ— وَفِیْهَا مَا تَشْتَهِیْهِ الْاَنْفُسُ وَتَلَذُّ الْاَعْیُنُ ۚ— وَاَنْتُمْ فِیْهَا خٰلِدُوْنَ ۟ۚ

তেওঁলোকৰ সেৱকসকলে সোণৰ পাত্ৰ আৰু পিয়লা লৈ তেওঁলোকৰ মাজত ঘূৰি থাকিব। জান্নাতত সেই সকলো বস্তু উপলব্ধ থাকিব, যিবোৰ তেওঁলোকৰ মনে বিচাৰিব তথা যিবোৰ দেখি তেওঁলোক আনন্দিত হ’ব। তাত তোমালোকে চিৰকাল বসবাস কৰিবা। তাৰ পৰা ওলোৱাৰ কেতিয়াও প্ৰয়োজন নহ’ব। info
التفاسير:

external-link copy
72 : 43

وَتِلْكَ الْجَنَّةُ الَّتِیْۤ اُوْرِثْتُمُوْهَا بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟

তোমালোকৰ সন্মুখত বৰ্ণনা কৰা সেইখনেই হৈছে জান্নাত, আল্লাহে নিজ অনুগ্ৰহত আৰু তোমালোকৰ কৰ্মৰ ভিত্তিত তোমালোকক সেইখনৰ উত্তৰাধিকাৰী বনাব। info
التفاسير:

external-link copy
73 : 43

لَكُمْ فِیْهَا فَاكِهَةٌ كَثِیْرَةٌ مِّنْهَا تَاْكُلُوْنَ ۟

তোমালোকৰ বাবে তাত থাকিব অসংখ্য ফল-মূল। যিবোৰ কেতিয়াও সমাপ্ত নহ’ব। তোমালোকে সেইবোৰ ভক্ষণ কৰিবা। info
التفاسير:
Benefits of the verses in this page:
• نزول عيسى من علامات الساعة الكبرى.
ঈছা আলাইহিচ্ছালামৰ অৱতৰণ হৈছে কিয়ামতৰ অন্যতম এটা ডাঙৰ প্ৰতীক। info

• انقطاع خُلَّة الفساق يوم القيامة، ودوام خُلَّة المتقين.
কিয়ামতৰ দিনা পাপিষ্ঠসকলৰ বন্ধুত্ব বিচ্ছিন্ন হ’ব, আৰু মুত্ত্বাক্বীসকলৰ বন্ধুত্ব হ’ব স্থায়ী। info

• بشارة الله للمؤمنين وتطمينه لهم عما خلفوا وراءهم من الدنيا وعما يستقبلونه في الآخرة.
আল্লাহে মুমিনসকলক সুসংবাদ দিছে তথা আশ্বস্ত প্ৰদান কৰি কৈছে যে, পৃথিৱীত এৰি থৈ যোৱা সা-সম্পদৰ বিষয়ে তেওঁলোকৰ চিন্তা কৰিবলগীয়া একো নাই, লগতে আখিৰাতত সন্মুখীন হ’বলগীয়া বিষয়বোৰকলৈও তেওঁলোকৰ কোনো ভয় নাই। info