Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
39 : 36

وَالْقَمَرَ قَدَّرْنٰهُ مَنَازِلَ حَتّٰی عَادَ كَالْعُرْجُوْنِ الْقَدِیْمِ ۟

চন্দ্ৰও হৈছে সিহঁতৰ বাবে আল্লাহৰ তাওহীদৰ এটা প্ৰমাণ, আমিয়েই নিৰ্ধাৰণ কৰিছোঁ চন্দ্ৰৰ বাবে প্ৰত্যেক ৰাতিত একো একোটা মঞ্জিল। আৰম্ভণিত সৰু থাকে আৰু তাৰ পিছত ডাঙৰ হয়। আকৌ ক্ৰমান্বয়ে সৰু হৈ থাকে। অৱশেষত খেজুৰ গছৰ শুকান তথা পূৰণি ঠানিৰ নিচিনা মিহি হৈ পৰে। info
التفاسير:
Benefits of the verses in this page:
• ما أهون الخلق على الله إذا عصوه، وما أكرمهم عليه إن أطاعوه.
বান্দাই যদি আল্লাহৰ অবাধ্যতা কৰে তেন্তে আল্লাহৰ দৃষ্টিত বান্দা তুচ্ছ হৈ পৰে। আনহাতে যদি তেওঁৰ আনুগত্য কৰে তেন্তে তেওঁৰ দৃষ্টিত সন্মানিত হৈ পৰে। info

• من الأدلة على البعث إحياء الأرض الهامدة بالنبات الأخضر، وإخراج الحَبِّ منه.
আখিৰাতৰ জীৱনৰ অন্যতম এটা প্ৰমাণ হৈছে মৃত ভূমিক জীৱিত কৰি তাত সেউজীয়া উদ্ভিদ সৃষ্টি কৰা, তথা সেইবোৰৰ পৰা শস্য আদি উৎপন্ন কৰা। info

• من أدلة التوحيد: خلق المخلوقات في السماء والأرض وتسييرها بقدر.
আকাশ আৰু পৃথিৱীত মখলুক সৃষ্টি কৰা তথা সেইবোৰক সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰা আদি, এই সকলোবোৰ হৈছে তাওহীদৰ প্ৰমাণ। info