Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
34 : 34

وَمَاۤ اَرْسَلْنَا فِیْ قَرْیَةٍ مِّنْ نَّذِیْرٍ اِلَّا قَالَ مُتْرَفُوْهَاۤ اِنَّا بِمَاۤ اُرْسِلْتُمْ بِهٖ كٰفِرُوْنَ ۟

যেতিয়াই আমি কোনো এটা জনবসতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ, যিজনে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তেতিয়াই সেই জনবসতিৰ ধনাট্য প্ৰভাৱশালী ব্যক্তিসকলে কৈছিলঃ হে ৰাছুল! তুমি যি লৈ আহিছা সেইটোক আমি নামানো। info
التفاسير:
Benefits of the verses in this page:
• تبرؤ الأتباع والمتبوعين بعضهم من بعض، لا يُعْفِي كلًّا من مسؤوليته.
অনুসৰণকাৰী আৰু যাক অনুসৰণ কৰা হৈছে, সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিলেও সিহঁতৰ কাৰো উপকাৰ নহ’ব। info

• الترف مُبْعِد عن الإذعان للحق والانقياد له.
ভোগ-বিলাসে আৰু আমোদ-প্ৰমোদে মানুহক সত্যৰ সন্মুখত নত স্বীকাৰ কৰিবলৈ তথা সত্যক মানিবলৈ বাধা দিয়ে। info

• المؤمن ينفعه ماله وولده، والكافر لا ينتفع بهما.
মুমিনসকলে ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা উপকৃত হয়। পক্ষান্তৰে কাফিৰসকলে ইয়াৰ পৰা বঞ্চিত থাকে। info

• الإنفاق في سبيل الله يؤدي إلى إخلاف المال في الدنيا، والجزاء الحسن في الآخرة.
আল্লাহৰ পথত ব্যয় কৰিলে পৃথিৱীতো প্ৰতিফল পোৱা যায় আৰু আখিৰাততো উত্তম প্ৰতিদান লাভ হয়। info