Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
9 : 33

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اذْكُرُوْا نِعْمَةَ اللّٰهِ عَلَیْكُمْ اِذْ جَآءَتْكُمْ جُنُوْدٌ فَاَرْسَلْنَا عَلَیْهِمْ رِیْحًا وَّجُنُوْدًا لَّمْ تَرَوْهَا ؕ— وَكَانَ اللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرًا ۟ۚ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! আল্লাহে তোমালোকক প্ৰদান কৰা সেই নিয়ামতসমূহক স্মৰণ কৰা, যেতিয়া কাফিৰসকলৰ সেনাবাহিনীয়ে তোমালোকৰ লগত যুদ্ধ কৰিবলৈ দলে দলে মদীনাৰ পিনে ধাৱমান হৈছিল, লগতে মুনাফিকীন আৰু ইয়াহুদীসকলেও সিহঁতক সহায় কৰিছিল। ফলত আমি সিহঁতৰ ওপৰত প্ৰেৰণ কৰিছিলোঁ বতাহ, অৰ্থাৎ পূৱ ফালৰ পৰা বলা বতাহ, যিটোৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সহায় কৰা হৈছিল, লগতে প্ৰেৰণ কৰিছিলোঁ ফিৰিস্তাসকলৰ এনেকুৱা সেনাবাহিনী যিবোৰক তোমালোকে দেখা নাছিলা। অৱশেষত কাফিৰসকল পলায়ন কৰিবলৈ বাধ্য হৈছিল। সিহঁতে একো কৰিব পৰা নাছিল। তোমালোকে যি কৰিছিলা নিশ্চয় আল্লাহে সেয়া চাই আছিল। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নাছিল। অচিৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। info
التفاسير:
Benefits of the verses in this page:
• منزلة أولي العزم من الرسل.
দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলৰ মৰ্যাদা অতি উচ্চ। info

• تأييد الله لعباده المؤمنين عند نزول الشدائد.
কঠিন পৰিস্থিতিত আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। info

• خذلان المنافقين للمؤمنين في المحن.
বিপদৰ সময়ত মুনাফিকসকলে মুমিনসকলৰ সঙ্গ ত্যাগ কৰে। info