Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
169 : 2

اِنَّمَا یَاْمُرُكُمْ بِالسُّوْٓءِ وَالْفَحْشَآءِ وَاَنْ تَقُوْلُوْا عَلَی اللّٰهِ مَا لَا تَعْلَمُوْنَ ۟

সি তোমালোকক ঘৃণনীয় পাপ কৰ্ম আৰু ডাঙৰ ডাঙৰ গুনাহৰ আদেশ দিয়ে, লগতে সি তোমালোকক এই প্ৰেৰণাও যোগায় যে, তোমালোকে যাতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা পোৱা জ্ঞান অবিহনে আক্বীদাহ আৰু চৰীয়ত সম্পৰ্কে কথা কোৱা তথা আল্লাহৰ ওপৰত মিছা আৰোপ কৰা। info
التفاسير:
Benefits of the verses in this page:
• المؤمنون بالله حقًّا هم أعظم الخلق محبة لله؛ لأنهم يطيعونه على كل حال في السراء والضراء، ولا يشركون معه أحدًا.
আল্লাহৰ প্ৰতি প্ৰকৃত ঈমান পোষণ কৰা মুমিনে আল্লাহক আটাইতকৈ বেছি ভালপায়। কিয়নো এনেকুৱা ব্যক্তিয়ে সুখ-দুখ উভয় অৱস্থাতেই আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ লগত কাকো অংশী স্থাপন নকৰে। info

• في يوم القيامة تنقطع كل الروابط، ويَبْرَأُ كل خليل من خليله، ولا يبقى إلا ما كان خالصًا لله تعالى.
কিয়ামতৰ দিনা সকলো ধৰণৰ সম্পৰ্ক বিচ্ছিন্ন হব। কোনো প্ৰিয় বন্ধুৱে আন কোনো বন্ধুৰ কোনো উপকাৰত নাহিব। অৱশেষত কেৱল বাকী থাকিব সেই আমল যিটো নিৰ্ভেজাল ভাৱে আল্লাহৰ বাবে কৰা হৈছিল। info

• التحذير من كيد الشيطان لتنوع أساليبه وخفائها وقربها من مشتهيات النفس.
চয়তানৰ প্ৰৱঞ্চনাৰ পৰা সাৱধান কৰা হৈছে। কিয়নো সি বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰ কৰে। যিবোৰ অদৃশ্য আৰু মানৱ প্ৰকৃতিৰ অনুকূল হয়। info