Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
22 : 13

وَالَّذِیْنَ صَبَرُوا ابْتِغَآءَ وَجْهِ رَبِّهِمْ وَاَقَامُوا الصَّلٰوةَ وَاَنْفَقُوْا مِمَّا رَزَقْنٰهُمْ سِرًّا وَّعَلَانِیَةً وَّیَدْرَءُوْنَ بِالْحَسَنَةِ السَّیِّئَةَ اُولٰٓىِٕكَ لَهُمْ عُقْبَی الدَّارِ ۟ۙ

তেওঁলোকেই আল্লাহৰ আনুগত্যত দৃঢ়ভাৱে অটল থাকে। তেওঁৰ ভাল বেয়া সকলো ফয়চালাৰ প্ৰতি ধৈৰ্য ধাৰণ কৰে। লগতে তেওঁৰ সন্তুষ্টি বিচাৰি তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে। পৰিপূৰ্ণৰূপে ছালাত আদায় কৰে, আৰু আমি যি ধন-সম্পদ দান কৰিছো তাৰ পৰা অনিবাৰ্য হকুক (অধিকাৰ) আদায় কৰে। লোকক দেখুৱাই দান নকৰি গোপনে দান কৰে, আকৌ কেতিয়াবা প্ৰকাশ্যভাৱে দান কৰে যাতে মানুহে তেওঁলোকক অনুকৰণ কৰে। বেয়া ব্যৱহাৰ কৰা ব্যক্তিৰ আচৰণক সদাচৰণৰ জৰিয়তে প্ৰতিহত কৰে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বাবেই ক্বিয়ামতৰ দিনা আছে উৎকৃষ্ট পৰিণাম। info
التفاسير:
Benefits of the verses in this page:
• الترغيب في جملة من فضائل الأخلاق الموجبة للجنة، ومنها: حسن الصلة، وخشية الله تعالى، والوفاء بالعهود، والصبر والإنفاق، ومقابلة السيئة بالحسنة والتحذير من ضدها.
কিছুমান উৎকৃষ্ট সদ্ব্যৱহাৰৰ বৰ্ণনা যিবোৰৰ দ্বাৰা জান্নাত পোৱা যায়। যেনে- আত্মীয়-স্বজনৰ লগত সদ্ব্যৱহাৰ কৰা, অন্তৰত আল্লাহৰ ভয় পোষণ কৰা, প্ৰতিশ্ৰুতি পূৰণ কৰা, ধৈৰ্য ধাৰণ কৰা, ব্যয় কৰা, বেয়া কৰ্মক ভাল কৰ্মৰ জৰিয়তে প্ৰতিহত কৰা, লগতে এইবোৰ কাৰ্যৰ পৰিপন্থী কাৰ্যৰ পৰা সাৱধান থকা। info

• أن مقاليد الرزق بيد الله سبحانه وتعالى، وأن توسعة الله تعالى أو تضييقه في رزق عبدٍ ما لا ينبغي أن يكون موجبًا لفرح أو حزن، فهو ليس دليلًا على رضا الله أو سخطه على ذلك العبد.
জীৱিকাৰ চাবিপাত আল্লাহৰ হাতত। জীৱিকাৰ প্ৰশস্ততা অথবা সংকীৰ্ণতা বান্দাৰ বাবে আনন্দ তথা দুখৰ কাৰণ নহয়। এয়া বান্দাৰ ওপৰত আল্লাহৰ সন্তুষ্টি তথা অসন্তুষ্টিৰো প্ৰতীক নহয়। info

• أن الهداية ليست بالضرورة مربوطة بإنزال الآيات والمعجزات التي اقترح المشركون إظهارها.
হিদায়ত আৱশ্যকৰূপে নিদৰ্শন তথা অলৌকিকতা অৱতীৰ্ণৰ সৈতে সম্পৃক্ত নহয়, যিটোৰ প্ৰস্তাৱ মুশ্বৰিকসকলে দিছে। info

• من آثار القرآن على العبد المؤمن أنه يورثه طمأنينة في القلب.
মুমিন বান্দাৰ ওপৰত কোৰআনৰ অন্যতম প্ৰভাৱ হৈছে, কোৰআনে তেওঁলোকৰ অন্তৰত প্ৰশান্তি বিস্তাৰ কৰে। info