Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans

external-link copy
88 : 7

قَالَ الْمَلَاُ الَّذِیْنَ اسْتَكْبَرُوْا مِنْ قَوْمِهٖ لَنُخْرِجَنَّكَ یٰشُعَیْبُ وَالَّذِیْنَ اٰمَنُوْا مَعَكَ مِنْ قَرْیَتِنَاۤ اَوْ لَتَعُوْدُنَّ فِیْ مِلَّتِنَا ؕ— قَالَ اَوَلَوْ كُنَّا كٰرِهِیْنَ ۟ۚ

শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে শ্বুআইব আলাইহিচ্ছালামক ক'লেঃ হে শ্বুআইব! আমি তোমাক আৰু তোমাৰ অনুসৰণ কৰা তোমাৰ সঙ্গীসকলক আমাৰ গাওঁৰ পৰা বহিষ্কাৰ কৰিম। অন্যথা আমাৰ ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰা। তেতিয়া শ্বুআইব আলাইহিচ্ছালামে নাকচ কৰি আৰু আচৰিত হৈ ক'লেঃ আমি তোমালোকৰ ধৰ্মৰ অনুসৰণ কৰিম নেকি, অথচ আমি সেইটোক অসত্য বুলি জানো আৰু অপছন্দ কৰোঁ।
info
التفاسير:
Die Nutzen der Versen in dieser Seite:
• من مظاهر إكرام الله لعباده الصالحين أنه فتح لهم أبواب العلم ببيان الحق من الباطل، وبنجاة المؤمنين، وعقاب الكافرين.
আল্লাহে তেওঁৰ সত্কৰ্মকাৰী বান্দাসকলক যি সন্মান প্ৰদান কৰিছে তাৰ এটা উদাহৰণ এই যে, তেওঁ সত্য আৰু অসত্যক স্পষ্টৰূপে বৰ্ণনা কৰি আৰু মুমিনসকলক মুক্তি প্ৰদান কৰি আৰু কাফিৰসকলক শাস্তি প্ৰদান কৰি তেওঁলোকৰ বাবে জ্ঞানৰ দুৱাৰ খুলি দিছে। info

• من سُنَّة الله في عباده الإمهال؛ لكي يتعظوا بالأحداث، ويُقْلِعوا عما هم عليه من معاص وموبقات.
আল্লাহৰ এটা অন্যতম ৰীতি এই যে, তেওঁ বান্দাসকলক অৱকাশ দিয়ে, যাতে সিহঁতে বিভিন্ন ঘটনাৰ পৰা শিক্ষা গ্ৰহণ কৰে আৰু গুনাহৰ পৰা বিৰত থাকে। info

• الابتلاء بالشدة قد يصبر عليه الكثيرون، ويحتمل مشقاته الكثيرون، أما الابتلاء بالرخاء فالذين يصبرون عليه قليلون.
বিপদ-আপদৰ ৰূপত অহা পৰীক্ষাৰ সময়ত বহুতেই ধৈৰ্য ধাৰণ কৰে আৰু সফলতাপূৰ্বক ইয়াক সহ্য কৰে। কিন্তু সুখৰ ৰূপত অহা পৰীক্ষাৰ সময়ত ধৈৰ্য ধাৰণকাৰী লোকৰ সংখ্যা তেনেই তাকৰ। info