Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans

external-link copy
25 : 3

فَكَیْفَ اِذَا جَمَعْنٰهُمْ لِیَوْمٍ لَّا رَیْبَ فِیْهِ ۫— وَوُفِّیَتْ كُلُّ نَفْسٍ مَّا كَسَبَتْ وَهُمْ لَا یُظْلَمُوْنَ ۟

উফ! কেনেকুৱা হ'ব সিহঁতৰ অৱস্থা আৰু কিমান যে সিহঁত পৰিতাপ কৰিব! নিশ্চয় সিহঁতৰ অৱস্থা অত্যন্ত শোচনীয় হব সেইদিনা যিদিনা আমি সিহঁতক হিচাপ-নিকাচৰ বাবে একত্ৰিত কৰিম, যি দিন অহা সম্পৰ্কে কোনো সন্দেহ, সেয়া হৈছে ক্বিয়ামতৰ দিন। আৰু প্ৰত্যেক প্ৰাণীকেই তাৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিফল দিয়া হব। সিহঁতৰ নেকী হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি সিহঁতক কোনো ধৰণৰ অন্যায় কৰা নহ'ব। info
التفاسير:
Die Nutzen der Versen in dieser Seite:
• أن التوفيق والهداية من الله تعالى، والعلم - وإن كثر وبلغ صاحبه أعلى المراتب - إن لم يصاحبه توفيق الله لم ينتفع به المرء.
পথপ্ৰদৰ্শন আৰু তাওফীক প্ৰদানকাৰী একমাত্ৰ আল্লাহ তাআলা। জ্ঞান যিমানেই অধিক নাথাকক কিয় আৰু সেই জ্ঞানৰ ফলত যিমান ডাঙৰ পদতেই অধিষ্ঠিত নহওঁক কিয়, যদি আল্লাহৰ তাওফীক লগত নাথাকে তেন্তে তাৰ দ্বাৰা উপকৃত হোৱা সম্ভৱ নহয়। info

• أن الملك لله تعالى، فهو المعطي المانع، المعز المذل، بيده الخير كله، وإليه يرجع الأمر كله، فلا يُسأل أحد سواه.
ৰাজত্ব আল্লাহ তাআলাৰ। তেৱেঁই প্ৰদানকাৰী, তেৱেঁই প্ৰতিৰোধকাৰী, তেৱেঁই সন্মান দানকাৰী আৰু তেৱেঁই অপমানকাৰী। সকলো ধৰণৰ কল্যাণ তেওঁৰেই হাতত। সকলো ধৰণৰ বিষয় তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰে। তেওঁৰ বাহিৰে আন কাৰো ওচৰত প্ৰাৰ্থনা কৰা সমীচিন নহয়। info

• خطورة تولي الكافرين، حيث توعَّد الله فاعله بالبراءة منه وبالحساب يوم القيامة.
কাফিৰসকলৰ লগত বন্ধুত্ব কৰাৰ ভয়াৱহ পৰিণাম। কাৰণ আল্লাহে সতৰ্ক কৰিছে যে, এনেকুৱা বন্ধুত্বকাৰীৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই লগতে ক্বিয়ামতৰ দিনা সি হিচাপ দিব লাগিব। info