Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans

external-link copy
18 : 18

وَتَحْسَبُهُمْ اَیْقَاظًا وَّهُمْ رُقُوْدٌ ۖۗ— وَّنُقَلِّبُهُمْ ذَاتَ الْیَمِیْنِ وَذَاتَ الشِّمَالِ ۖۗ— وَكَلْبُهُمْ بَاسِطٌ ذِرَاعَیْهِ بِالْوَصِیْدِ ؕ— لَوِ اطَّلَعْتَ عَلَیْهِمْ لَوَلَّیْتَ مِنْهُمْ فِرَارًا وَّلَمُلِئْتَ مِنْهُمْ رُعْبًا ۟

হে প্ৰত্যক্ষকাৰী! যিহেতু তেওঁলোকৰ চকু খোলা আছিল, সেয়ে তোমালোকে হয়তো তেওঁলোকক জাগি থকা বুলি ভাৱিলাহেঁতেন। যদিও প্ৰকৃততে তেওঁলোক আছিল টোপনিত। আমি তেওঁলোকৰ কেতিয়াবা সোঁফালে কাতি সলাই দিছিলোঁ, আকৌ কেতিয়াবা বাওঁফালে, যাতে মাটিয়ে তেওঁলোকৰ শৰীৰ খাই নেপেলায়। আৰু তেওঁলোকৰ কুকুৰটো আগফালৰ দুয়ো ঠেং প্ৰসাৰিত কৰি গুহাৰ প্ৰৱেশদ্বাৰত শুই আছিল। যদি তুমি তেওঁলোকক ভুমুকি মাৰি চোৱাৰ চেষ্টা কৰিলাহেঁতেন তেন্তে ভয়তে দৌৰি পলালাহেঁতেন, আৰু তোমাৰ অন্তৰ ভীত-সন্ত্ৰস্ত হৈ পৰিলহেঁতেন। info
التفاسير:
Die Nutzen der Versen in dieser Seite:
• من حكمة الله وقدرته أن قَلَّبهم على جنوبهم يمينًا وشمالًا بقدر ما لا تفسد الأرض أجسامهم، وهذا تعليم من الله لعباده.
এয়া আল্লাহৰ হিকমত আৰু ক্ষমতাৰ অন্তৰ্ভুক্ত যে, তেৱেঁই তেওঁলোকক সময় অনুসাৰে কেতিয়াবা সোঁফালে আৰু কেতিয়াবা বাওঁফালে কাতি সলাই দিছিল, যাতে মাটিয়ে তেওঁলোকৰ শৰীৰ খাই নেপেলায়। এইটো আল্লাহৰ ফালৰ পৰা তেওঁৰ বান্দাসকলৰ বাবে এটা শিক্ষা। info

• جواز اتخاذ الكلاب للحاجة والصيد والحراسة.
চিকাৰ তথা সুৰক্ষাৰ উদ্দেশ্যে প্ৰয়োজন অনুসাৰে কুকুৰ পোহা বৈধ। info

• انتفاع الإنسان بصحبة الأخيار ومخالطة الصالحين حتى لو كان أقل منهم منزلة، فقد حفظ ذكر الكلب لأنه صاحَبَ أهل الفضل.
মানুহে সৎ তথা নেক লোকৰ সঙ্গ অৱলম্বন কৰি উপকৃত হোৱা উচিত, যদিও তেওঁলোকতকৈ তাৰ মৰ্যাদা যিমানেই কম নহওঁক কিয়, কিয়নো আল্লাহে এটা কুকুৰৰ বৰ্ণনাও সংৰক্ষণ কৰি ৰাখিছে, কাৰণ সি নেক লোকৰ সংস্পৰ্শত আছিল। info

• دلت الآيات على مشروعية الوكالة، وعلى حسن السياسة والتلطف في التعامل مع الناس.
উক্ত আয়াতসমূহত প্ৰতিনিধি নিযুক্ত কৰাৰ প্ৰমাণ পোৱা যায়, এইদৰে মানুহৰ লগত ভাল ব্যৱহাৰ আৰু উত্তম নেতৃত্ব দিয়াৰো প্ৰমাণ পোৱা যায়। info