Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans

external-link copy
11 : 16

یُنْۢبِتُ لَكُمْ بِهِ الزَّرْعَ وَالزَّیْتُوْنَ وَالنَّخِیْلَ وَالْاَعْنَابَ وَمِنْ كُلِّ الثَّمَرٰتِ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّتَفَكَّرُوْنَ ۟

আল্লাহে সেই পানীৰেই তোমালোকৰ বাবে ফচল উৎপন্ন কৰে, যিবোৰ তোমালোকে ভক্ষণ কৰা, আৰু সেই পানীৰেই যাইতুন, খেজুৰ আৰু আঙুৰ গছ লালিত পালিত হয়, লগতে তোমালোকৰ বাবে অন্যান্য সকলো ফলমূল উৎপন্ন কৰে। নিশ্চয় সেই পানী আৰু তাৰ দ্বাৰা উৎপন্ন বস্তুবোৰৰ মাজত আছে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ সৃষ্টিকলৈ চিন্তা-চৰ্চা কৰে, আৰু সেইবোৰৰ পৰা তেওঁৰ মহানতাৰ পাঠ গ্ৰহণ কৰে। info
التفاسير:
Die Nutzen der Versen in dieser Seite:
• من عظمة الله أنه يخلق ما لا يعلمه جميع البشر في كل حين يريد سبحانه.
আল্লাহৰ মহানতাৰ প্ৰমাণসমূহৰ মাজত অন্যতম এটা হৈছে এই যে, তেওঁ সকলো সময়তে কিবা নহয় কিবা সৃষ্টি কৰে যিবোৰ বিষয়ে সকলোৱে নাজানে। info

• خلق الله النجوم لزينة السماء، والهداية في ظلمات البر والبحر، ومعرفة الأوقات وحساب الأزمنة.
আল্লাহে তৰাসমূহক আকাশৰ সৌন্দৰ্যৰ বাবে আৰু জল-স্থলত অন্ধকাৰৰ সময়ত পথ অৱগত হোৱাৰ বাবে, লগতে সময় জনাৰ বাবে আৰু হিচাপ কৰাৰ বাবে সৃষ্টি কৰিছে। info

• الثناء والشكر على الله الذي أنعم علينا بما يصلح حياتنا ويعيننا على أفضل معيشة.
প্ৰশংসা আৰু কৃতজ্ঞতা আল্লাহৰ বাবে এই কাৰণে যে, তেওঁ আমাক এনেকুৱা বস্তু দান কৰিছে যিবোৰৰ দ্বাৰা আমাৰ জীৱন সুখদায়ক হৈ উঠে। info

• الله سبحانه أنعم علينا بتسخير البحر لتناول اللحوم (الأسماك)، واستخراج اللؤلؤ والمرجان، وللركوب، والتجارة، وغير ذلك من المصالح والمنافع.
আল্লাহে সাগৰক আমাৰ সেৱাত নিয়োজিত কৰি বৰ উপকাৰ কৰিছে, যাতে আমি মাছ চিকাৰ কৰি ভক্ষণ কৰিব পাৰোঁ। তাৰ পৰা মুকুতা উলিয়াব পাৰোঁ, সাগৰ পথেৰে ভ্ৰমণ কৰিব পাৰোঁ, ব্যৱসায় আদিৰ পৰা আৰম্ভ কৰি অন্যান্য উপকাৰবোৰ সাধন কৰিব পাৰোঁ। info