Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans

external-link copy
39 : 15

قَالَ رَبِّ بِمَاۤ اَغْوَیْتَنِیْ لَاُزَیِّنَنَّ لَهُمْ فِی الْاَرْضِ وَلَاُغْوِیَنَّهُمْ اَجْمَعِیْنَ ۟ۙ

ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! যিহেতু তুমি মোক পথভ্ৰষ্ট কৰিছা, সেয়ে মই পৃথিৱীত সিহঁতৰ পাপকৰ্মবোৰক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিম, আৰু সকলোকে সঠিক পথৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিম। info
التفاسير:
Die Nutzen der Versen in dieser Seite:
• في الآيات دليل على تزاور المتقين واجتماعهم وحسن أدبهم فيما بينهم، في كون كل منهم مقابلًا للآخر لا مستدبرًا له.
উক্ত আয়াতসমূহত এই কথাৰ প্ৰমাণ পোৱা গ'ল যে, জান্নাতত মুত্তাক্বীসকলে ইজনে সিজনক সাক্ষাৎ কৰিবলৈ যাব, আৰু বৈঠক কৰিব, লগতে তেওঁলোকে উত্তম শিষ্টাচাৰ অৱলম্বন কৰি সদাচৰণ কৰিব। ইজনে সিজনৰ সন্মুখত বহিব, কোনেও কাকো পিঠি দিয়াকৈ নবহিব। info

• ينبغي للعبد أن يكون قلبه دائمًا بين الخوف والرجاء، والرغبة والرهبة.
বান্দাৰ অন্তৰ সদায় ভয় আৰু আশাৰ মাজত তথা উৎসাহ আৰু আশংকাৰ মাজত থকা উচিত। info

• سجد الملائكة لآدم كلهم أجمعون سجود تحية وتكريم إلا إبليس رفض وأبى.
সকলো ফিৰিস্তাই আদমক সন্মানাৰ্থে ছাজদাহ কৰিছিল, কেৱল ইবলীছেই ছাজদাহ কৰা নাছিল তথা অস্বীকাৰ কৰিছিল। info

• لا سلطان لإبليس على الذين هداهم الله واجتباهم واصطفاهم في أن يلقيهم في ذنب يمنعهم عفو الله.
আল্লাহে যিসকলক হিদায়ত প্ৰদান কৰিছে তথা সৎকৰ্মৰ বাবে নিৰ্বাচিত কৰিছে, ইবলীছে কেতিয়াও তেওঁলোকক এনেকুৱা পাপকৰ্মত লিপ্ত কৰিব নোৱাৰিব যিটো ক্ষমাৰ যোগ্য নহয়। info