Prijevod značenja časnog Kur'ana - Asamski prijevod - Refikul-islam Habibur-rahman

আল-মুৰছালাত

external-link copy
1 : 77

وَالْمُرْسَلٰتِ عُرْفًا ۟ۙ

শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ, info
التفاسير:

external-link copy
2 : 77

فَالْعٰصِفٰتِ عَصْفًا ۟ۙ

তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ, info
التفاسير:

external-link copy
3 : 77

وَّالنّٰشِرٰتِ نَشْرًا ۟ۙ

শপত প্ৰচণ্ডভাৱে (মেঘপূঞ্জ) সঞ্চালনকাৰীৰ, info
التفاسير:

external-link copy
4 : 77

فَالْفٰرِقٰتِ فَرْقًا ۟ۙ

তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ, info
التفاسير:

external-link copy
5 : 77

فَالْمُلْقِیٰتِ ذِكْرًا ۟ۙ

তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে--- info
التفاسير:

external-link copy
6 : 77

عُذْرًا اَوْ نُذْرًا ۟ۙ

ওজৰ-আপত্তি দূৰ কৰিবলৈ অথবা সতৰ্ক কৰিবলৈ, info
التفاسير:

external-link copy
7 : 77

اِنَّمَا تُوْعَدُوْنَ لَوَاقِعٌ ۟ؕ

নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেইটো অৱশ্যে সংঘটিত হ’ব। info
التفاسير:

external-link copy
8 : 77

فَاِذَا النُّجُوْمُ طُمِسَتْ ۟ۙ

যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব, info
التفاسير:

external-link copy
9 : 77

وَاِذَا السَّمَآءُ فُرِجَتْ ۟ۙ

আৰু যেতিয়া আকাশখন বিদীৰ্ণ হ’ব, info
التفاسير:

external-link copy
10 : 77

وَاِذَا الْجِبَالُ نُسِفَتْ ۟ۙ

আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব, info
التفاسير:

external-link copy
11 : 77

وَاِذَا الرُّسُلُ اُقِّتَتْ ۟ؕ

আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব, info
التفاسير:

external-link copy
12 : 77

لِاَیِّ یَوْمٍ اُجِّلَتْ ۟ؕ

কোনটো দিৱসৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে? info
التفاسير:

external-link copy
13 : 77

لِیَوْمِ الْفَصْلِ ۟ۚ

বিচাৰ দিৱসৰ বাবে। info
التفاسير:

external-link copy
14 : 77

وَمَاۤ اَدْرٰىكَ مَا یَوْمُ الْفَصْلِ ۟ؕ

আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি? info
التفاسير:

external-link copy
15 : 77

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, info
التفاسير:

external-link copy
16 : 77

اَلَمْ نُهْلِكِ الْاَوَّلِیْنَ ۟ؕ

আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে? info
التفاسير:

external-link copy
17 : 77

ثُمَّ نُتْبِعُهُمُ الْاٰخِرِیْنَ ۟

তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম। info
التفاسير:

external-link copy
18 : 77

كَذٰلِكَ نَفْعَلُ بِالْمُجْرِمِیْنَ ۟

অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰোঁ। info
التفاسير:

external-link copy
19 : 77

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, info
التفاسير:

external-link copy
20 : 77

اَلَمْ نَخْلُقْكُّمْ مِّنْ مَّآءٍ مَّهِیْنٍ ۟ۙ

আমি তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰা নাইনে? info
التفاسير:

external-link copy
21 : 77

فَجَعَلْنٰهُ فِیْ قَرَارٍ مَّكِیْنٍ ۟ۙ

তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছোঁ, info
التفاسير:

external-link copy
22 : 77

اِلٰی قَدَرٍ مَّعْلُوْمٍ ۟ۙ

এটা নিৰ্দিষ্ট সময়লৈকে, info
التفاسير:

external-link copy
23 : 77

فَقَدَرْنَا ۖۗ— فَنِعْمَ الْقٰدِرُوْنَ ۟

তাৰ পিছত আমি পৰিমাপ কৰিছোঁ, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী! info
التفاسير:

external-link copy
24 : 77

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, info
التفاسير:

external-link copy
25 : 77

اَلَمْ نَجْعَلِ الْاَرْضَ كِفَاتًا ۟ۙ

আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে? info
التفاسير:

external-link copy
26 : 77

اَحْیَآءً وَّاَمْوَاتًا ۟ۙ

জীৱিত আৰু মৃতসকলৰ বাবে? info
التفاسير:

external-link copy
27 : 77

وَّجَعَلْنَا فِیْهَا رَوَاسِیَ شٰمِخٰتٍ وَّاَسْقَیْنٰكُمْ مَّآءً فُرَاتًا ۟ؕ

আৰু আমি তাত স্থাপন কৰিছোঁ সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰোৱাইছোঁ তৃষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী। info
التفاسير:

external-link copy
28 : 77

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, info
التفاسير:

external-link copy
29 : 77

اِنْطَلِقُوْۤا اِلٰی مَا كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ۟ۚ

(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে। info
التفاسير:

external-link copy
30 : 77

اِنْطَلِقُوْۤا اِلٰی ظِلٍّ ذِیْ ثَلٰثِ شُعَبٍ ۟ۙ

যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে, info
التفاسير:

external-link copy
31 : 77

لَّا ظَلِیْلٍ وَّلَا یُغْنِیْ مِنَ اللَّهَبِ ۟ؕ

যিটো ছাঁ শীতলো নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব, info
التفاسير:

external-link copy
32 : 77

اِنَّهَا تَرْمِیْ بِشَرَرٍ كَالْقَصْرِ ۟ۚ

নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি, info
التفاسير:

external-link copy
33 : 77

كَاَنَّهٗ جِمٰلَتٌ صُفْرٌ ۟ؕ

যেনিবা হালধীয়া উটৰ শ্ৰেণী, info
التفاسير:

external-link copy
34 : 77

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, info
التفاسير:

external-link copy
35 : 77

هٰذَا یَوْمُ لَا یَنْطِقُوْنَ ۟ۙ

এইটো এনেকুৱা এটা দিৱস যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব, info
التفاسير:

external-link copy
36 : 77

وَلَا یُؤْذَنُ لَهُمْ فَیَعْتَذِرُوْنَ ۟

আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব। info
التفاسير:

external-link copy
37 : 77

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, info
التفاسير:

external-link copy
38 : 77

هٰذَا یَوْمُ الْفَصْلِ ۚ— جَمَعْنٰكُمْ وَالْاَوَّلِیْنَ ۟

‘এইটো হৈছে ফয়চালাৰ দিন, আমি একত্ৰিত কৰিছোঁ তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’। info
التفاسير:

external-link copy
39 : 77

فَاِنْ كَانَ لَكُمْ كَیْدٌ فَكِیْدُوْنِ ۟

এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে। info
التفاسير:

external-link copy
40 : 77

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟۠

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, info
التفاسير:

external-link copy
41 : 77

اِنَّ الْمُتَّقِیْنَ فِیْ ظِلٰلٍ وَّعُیُوْنٍ ۟ۙ

নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত, info
التفاسير:

external-link copy
42 : 77

وَّفَوَاكِهَ مِمَّا یَشْتَهُوْنَ ۟ؕ

লগতে তেওঁলোকৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত। info
التفاسير:

external-link copy
43 : 77

كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔا بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟

(তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা; info
التفاسير:

external-link copy
44 : 77

اِنَّا كَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟

সৎকৰ্মশীলসকলক আমি এনেকৈয়ে প্ৰতিদান দি থাকোঁ। info
التفاسير:

external-link copy
45 : 77

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, info
التفاسير:

external-link copy
46 : 77

كُلُوْا وَتَمَتَّعُوْا قَلِیْلًا اِنَّكُمْ مُّجْرِمُوْنَ ۟

(হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী। info
التفاسير:

external-link copy
47 : 77

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, info
التفاسير:

external-link copy
48 : 77

وَاِذَا قِیْلَ لَهُمُ ارْكَعُوْا لَا یَرْكَعُوْنَ ۟

যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা (ছালাত আদায় কৰা), (তেতিয়া) সিহঁতে ৰুকু’ নকৰে (ছালাত আদায় নকৰে)’। info
التفاسير:

external-link copy
49 : 77

وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, info
التفاسير:

external-link copy
50 : 77

فَبِاَیِّ حَدِیْثٍ بَعْدَهٗ یُؤْمِنُوْنَ ۟۠

এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোনটো বাণীৰ প্ৰতি ঈমান আনিব? info
التفاسير: