Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
34 : 46

وَیَوْمَ یُعْرَضُ الَّذِیْنَ كَفَرُوْا عَلَی النَّارِ ؕ— اَلَیْسَ هٰذَا بِالْحَقِّ ؕ— قَالُوْا بَلٰی وَرَبِّنَا ؕ— قَالَ فَذُوْقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُوْنَ ۟

আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলক যিদিনা শাস্তি বিহিবলৈ জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ’ব, তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ “এই শাস্তি যিটোক তোমালোকে দেখি আছা, সত্য নহয়নে?! মিছা নেকি এইটো, যিদৰে পৃথিৱীত তোমালোকে ইয়াক মিছা বুলি কৈছিলা?”! তেতিয়া সিহঁতে ক’বঃ “হয়, আমি আমাৰ প্ৰতিপালকৰ শপত খাই কওঁ নিশ্চয় এয়া সত্য”। তেতিয়া সিহঁতক কোৱা হ’বঃ “তেন্তে এতিয়া তোমালোকে এই শাস্তি উপভোগ কৰা, কাৰণ তোমালোকে আল্লাহক অস্বীকাৰ কৰিছিলা”। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• من حسن الأدب الاستماع إلى المتكلم والإنصات له.
উত্তম শিষ্টাচাৰৰ দাবী হৈছে বক্তাৰ কথা মনোযোগ সহকাৰে শুনা তথা কথা কোৱাৰ সময়ত মনে মনে থকা। info

• سرعة استجابة المهتدين من الجنّ إلى الحق رسالة ترغيب إلى الإنس.
জিনসকলে সত্য গ্ৰহণৰ ক্ষেত্ৰত যিদৰে আগ্ৰহ দেখুৱাইছে, সেইটোও দৰাচলতে মানুহৰ বাবে এটা প্ৰেৰণাদায়ক বাৰ্তা। info

• الاستجابة إلى الحق تقتضي المسارعة في الدعوة إليه.
সত্য স্বীকাৰ কৰাৰ লগে লগে তাৰ প্ৰতি অন্যান্য লোকসকলক আহ্বান কৰাৰ দায়িত্ব আহি পৰে। info

• الصبر خلق الأنبياء عليهم السلام.
ধৈৰ্য্য হৈছে নবীসকলৰ অন্যতম বৈশিষ্ট্য। info