هُوَ الَّذِیْۤ اَخْرَجَ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ مِنْ دِیَارِهِمْ لِاَوَّلِ الْحَشْرِ ؔؕ— مَا ظَنَنْتُمْ اَنْ یَّخْرُجُوْا وَظَنُّوْۤا اَنَّهُمْ مَّا نِعَتُهُمْ حُصُوْنُهُمْ مِّنَ اللّٰهِ فَاَتٰىهُمُ اللّٰهُ مِنْ حَیْثُ لَمْ یَحْتَسِبُوْا وَقَذَفَ فِیْ قُلُوْبِهِمُ الرُّعْبَ یُخْرِبُوْنَ بُیُوْتَهُمْ بِاَیْدِیْهِمْ وَاَیْدِی الْمُؤْمِنِیْنَ ۗ— فَاعْتَبِرُوْا یٰۤاُولِی الْاَبْصَارِ ۟
আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফুৰী কৰিছিল তেৱেঁই সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাসভূমিৰ পৰা বিতাৰিত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁত নিৰ্বাসিত হ’ব; আৰু সিহঁতেও ভাবিছিল যে, সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ (শাস্তিৰ) পৰা ৰক্ষা কৰিব; কিন্তু সিহঁতৰ ওচৰলৈ আল্লাহৰ আযাব এনেকুৱা ঠাইৰ পৰা আহিল যিটো সিহঁতে কল্পনাও কৰিব পৰা নাছিল; আৰু সিহঁতৰ অন্তৰত আতংক সঞ্চাৰ কৰিলে। ফলত সিহঁতে নিজ হাতেৰে আৰু মুমিনসকলৰ হতোৱাই নিজৰ ঘৰ-দুৱাৰ ধ্বংস কৰিলে; এতেকে হে দৃষ্টিসম্পন্ন ব্যক্তিসকল! তোমালোকে উপদেশ গ্ৰহণ কৰা।
التفاسير:
المُيسَّر
السعدي
البغوي
ابن كثير
الطبري