ترجمة معاني القرآن الكريم - الترجمة الآسامية - رفيق الإسلام حبيب الرحمن

رقم الصفحة:close

external-link copy
77 : 56

اِنَّهٗ لَقُرْاٰنٌ كَرِیْمٌ ۟ۙ

নিশ্চয় এইখন মহিমান্বিত কোৰআন, info
التفاسير:

external-link copy
78 : 56

فِیْ كِتٰبٍ مَّكْنُوْنٍ ۟ۙ

যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)। info
التفاسير:

external-link copy
79 : 56

لَّا یَمَسُّهٗۤ اِلَّا الْمُطَهَّرُوْنَ ۟ؕ

পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে। info
التفاسير:

external-link copy
80 : 56

تَنْزِیْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ۟

এইখন বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত। info
التفاسير:

external-link copy
81 : 56

اَفَبِهٰذَا الْحَدِیْثِ اَنْتُمْ مُّدْهِنُوْنَ ۟ۙ

তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি? info
التفاسير:

external-link copy
82 : 56

وَتَجْعَلُوْنَ رِزْقَكُمْ اَنَّكُمْ تُكَذِّبُوْنَ ۟

আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি! info
التفاسير:

external-link copy
83 : 56

فَلَوْلَاۤ اِذَا بَلَغَتِ الْحُلْقُوْمَ ۟ۙ

এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়, info
التفاسير:

external-link copy
84 : 56

وَاَنْتُمْ حِیْنَىِٕذٍ تَنْظُرُوْنَ ۟ۙ

আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা, info
التفاسير:

external-link copy
85 : 56

وَنَحْنُ اَقْرَبُ اِلَیْهِ مِنْكُمْ وَلٰكِنْ لَّا تُبْصِرُوْنَ ۟

আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা। info
التفاسير:

external-link copy
86 : 56

فَلَوْلَاۤ اِنْ كُنْتُمْ غَیْرَ مَدِیْنِیْنَ ۟ۙ

এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা, info
التفاسير:

external-link copy
87 : 56

تَرْجِعُوْنَهَاۤ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟

তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী! info
التفاسير:

external-link copy
88 : 56

فَاَمَّاۤ اِنْ كَانَ مِنَ الْمُقَرَّبِیْنَ ۟ۙ

তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়, info
التفاسير:

external-link copy
89 : 56

فَرَوْحٌ وَّرَیْحَانٌ ۙ۬— وَّجَنَّتُ نَعِیْمٍ ۟

তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত। info
التفاسير:

external-link copy
90 : 56

وَاَمَّاۤ اِنْ كَانَ مِنْ اَصْحٰبِ الْیَمِیْنِ ۟ۙ

আৰু সি যদি হয় সোঁফালৰ দলৰ এজন, info
التفاسير:

external-link copy
91 : 56

فَسَلٰمٌ لَّكَ مِنْ اَصْحٰبِ الْیَمِیْنِ ۟

তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন। info
التفاسير:

external-link copy
92 : 56

وَاَمَّاۤ اِنْ كَانَ مِنَ الْمُكَذِّبِیْنَ الضَّآلِّیْنَ ۟ۙ

কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন, info
التفاسير:

external-link copy
93 : 56

فَنُزُلٌ مِّنْ حَمِیْمٍ ۟ۙ

তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা, info
التفاسير:

external-link copy
94 : 56

وَّتَصْلِیَةُ جَحِیْمٍ ۟

আৰু জাহান্নামৰ দহনেৰে; info
التفاسير:

external-link copy
95 : 56

اِنَّ هٰذَا لَهُوَ حَقُّ الْیَقِیْنِ ۟ۚ

নিশ্চয় এইটো সুনিশ্চিত সত্য। info
التفاسير:

external-link copy
96 : 56

فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ۟۠

এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা। info
التفاسير: