یَسْـَٔلُكَ اَهْلُ الْكِتٰبِ اَنْ تُنَزِّلَ عَلَیْهِمْ كِتٰبًا مِّنَ السَّمَآءِ فَقَدْ سَاَلُوْا مُوْسٰۤی اَكْبَرَ مِنْ ذٰلِكَ فَقَالُوْۤا اَرِنَا اللّٰهَ جَهْرَةً فَاَخَذَتْهُمُ الصّٰعِقَةُ بِظُلْمِهِمْ ۚ— ثُمَّ اتَّخَذُوا الْعِجْلَ مِنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنٰتُ فَعَفَوْنَا عَنْ ذٰلِكَ ۚ— وَاٰتَیْنَا مُوْسٰی سُلْطٰنًا مُّبِیْنًا ۟
কিতাবীসকলে বিচাৰে যে, তুমি আকাশৰ পৰা সিহঁতৰ বাবে এখন কিতাপ অৱতীৰ্ণ কৰা, সিহঁতে মুছাৰ ওচৰত ইয়াতকৈও ডাঙৰ দাবী কৰিছিল। সিহঁতে কৈছিল, ‘আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুওৱা’। ফলত সিহঁতৰ সীমালংঘনৰ কাৰণে সিহঁতক বজ্ৰপাতে ধৰিছিল, তাৰ পিছত সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে দামুৰী এটাক উপাস্যৰূপে গ্ৰহণ কৰিছিল, তথাপিও আমি সেয়া ক্ষমা কৰিছিলোঁ আৰু আমি মুছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ।
التفاسير: