اَلْحَجُّ اَشْهُرٌ مَّعْلُوْمٰتٌ ۚ— فَمَنْ فَرَضَ فِیْهِنَّ الْحَجَّ فَلَا رَفَثَ وَلَا فُسُوْقَ وَلَا جِدَالَ فِی الْحَجِّ ؕ— وَمَا تَفْعَلُوْا مِنْ خَیْرٍ یَّعْلَمْهُ اللّٰهُ ؔؕ— وَتَزَوَّدُوْا فَاِنَّ خَیْرَ الزَّادِ التَّقْوٰی ؗ— وَاتَّقُوْنِ یٰۤاُولِی الْاَلْبَابِ ۟
হজ্জ হৈছে নিৰ্দিষ্ট মাহসমূহত (শ্বাওৱাল, জুলকাদাহ আৰু জুলহিজ্জা মাহত)। এতেকে যিয়ে এই মাহসমূহত হজ্জ কৰিবলৈ স্থিৰ কৰে সি যেন হজ্জৰ সময়ত স্ত্ৰী-সম্ভোগ, অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে; আৰু তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেয়া আল্লাহে জানে আৰু তোমালোকে সম্বল সংগ্ৰহ কৰা। নিশ্চয় আটাইতকৈ উত্তম সম্বল হৈছে তাক্বৱা। হে বিবেকসম্পন্ন ব্যক্তিসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।
التفاسير: