• إثبات تفرد الله عز وجل بعلم الغيب وحده لا شريك له، وسعة علمه في ذلك، وأنه لا يفوته شيء ولا يعزب عنه من مخلوقاته شيء إلا وهو مثبت مدوَّن عنده سبحانه بأدق تفاصيله.
এই কথাৰ প্ৰমাণ যে, অদৃশ্যৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। ইয়াত কাৰো অংশীদাৰিত্ব নাই। তেওঁৰ জ্ঞান অসীম। কোনো বস্তু তেওঁৰ জ্ঞানৰ পৰা ওলাই যাব নোৱাৰে। তেওঁৰ ওচৰত সকলো বস্তু সবিস্তাৰে লিপিবদ্ধ আছে।