আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুক আমি খেল-ধেমালিৰ বাবে অথবা উদ্দেশ্যহীনভাৱে সৃষ্টি কৰা নাই, বৰং সেইবোৰক আমি আমাৰ ক্ষমতা আৰু সামৰ্থ প্ৰমাণ কৰিবলৈহে সৃষ্টি কৰিছোঁ।
পত্নী অথবা পুত্ৰ গ্ৰহণ কৰাৰ যদি আমাৰ ইচ্ছা থাকিলহেঁতেন, তেন্তে আমি আমাৰ ফালৰ পৰাই গ্ৰহণ কৰিলোহেঁতেন। কিন্তু আমি এইটো কেতিয়াও নকৰোঁ, কাৰণ আমি ইয়াৰ পৰা সম্পূৰ্ণৰূপে পৱিত্ৰ।
শ্বিৰ্কীয়া আক্বীদাক এই প্ৰমাণৰ জৰিয়তে খণ্ডন কৰা হৈছে যে, যদি একাধিক উপাস্য থাকিলহেঁতেন তেন্তে ইজনে সিজনৰ কৰ্মত হস্তক্ষেপ কৰিলেহেঁতেন, তথা বিশ্বজগতৰ পৰিচালনাত ব্যঘাত জন্মিলেহেঁতেন।