《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。

external-link copy
41 : 8

وَاعْلَمُوْۤا اَنَّمَا غَنِمْتُمْ مِّنْ شَیْءٍ فَاَنَّ لِلّٰهِ خُمُسَهٗ وَلِلرَّسُوْلِ وَلِذِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنِ وَابْنِ السَّبِیْلِ ۙ— اِنْ كُنْتُمْ اٰمَنْتُمْ بِاللّٰهِ وَمَاۤ اَنْزَلْنَا عَلٰی عَبْدِنَا یَوْمَ الْفُرْقَانِ یَوْمَ الْتَقَی الْجَمْعٰنِ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟

আৰু জানি থোৱা, যুদ্ধ ক্ষেত্ৰত তোমালোকে গনিমত (যুদ্ধলব্ধ সম্পদ) হিচাপে যি লাভ কৰিছা, তাৰ এক-পঞ্চমাংশ হৈছে আল্লাহৰ, ৰাছুলৰ, ৰাছুলৰ নিকট আত্মীয়ৰ, ইয়াতীমসকলৰ, মিছকীনসকলৰ আৰু মুছাফিৰসকলৰ বাবে নিৰ্দিষ্ট, যদি তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস কৰা আৰু সেইটোৰ প্ৰতি বিশ্বাস কৰা যিটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছিলোঁ, যিদিনা দুয়ো দলে পৰস্পৰৰ সন্মুখীন হৈছিল। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। info
التفاسير: