《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。

হূদ

external-link copy
1 : 11

الٓرٰ ۫— كِتٰبٌ اُحْكِمَتْ اٰیٰتُهٗ ثُمَّ فُصِّلَتْ مِنْ لَّدُنْ حَكِیْمٍ خَبِیْرٍ ۟ۙ

আলিফ-লাম-ৰা,[1] এই (কোৰআন) এনেকুৱা এখন কিতাব যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু তাৰ পিছত বিশদভাৱে বিবৃত প্ৰজ্ঞাময়, সবিশেষ অৱহিত সত্তাৰ তৰফৰ পৰা (অৱতীৰ্ণ); info

[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

التفاسير: