《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

আন-নাযিআত

每章的意义:
التذكير بالله واليوم الآخر.
আল্লাহ আৰু শেষ দিৱসৰ স্মৰণ। info

external-link copy
1 : 79

وَالنّٰزِعٰتِ غَرْقًا ۟ۙ

আল্লাহ তাআলা ফিৰিস্তাৰ শপত খাইছে যিসকল বহুত কঠোৰ আৰু নিৰ্দয় হিচাপে কাফিৰ সকলৰ জান কবজ কৰে। info
التفاسير:

external-link copy
2 : 79

وَّالنّٰشِطٰتِ نَشْطًا ۟ۙ

আৰু আল্লাহ তাআলাই সেই ফিৰিস্তাৰ শপত খাইছে যিয়ে সহজ আৰু সৰলতাৰ সৈতে ইমানদাৰ সকলৰ জান কবজ কৰে। info
التفاسير:

external-link copy
3 : 79

وَّالسّٰبِحٰتِ سَبْحًا ۟ۙ

আৰু আল্লাহ তাআলাই সেই সকল ফিৰিস্তাৰ শপত খাইছে যিসকলে আল্লাহৰ আদেশ অনুযায়ী আকাশৰ পৰা পৃথিৱী লৈ উৰি ফুৰে। info
التفاسير:

external-link copy
4 : 79

فَالسّٰبِقٰتِ سَبْقًا ۟ۙ

আৰু আল্লাহ তাআলাই সেই সকল ফিৰিস্তাৰ শপত খাইছে যিসকলে তেওঁৰ আদেশ পালনত আনতকৈ বেছি আগুৱাই যায়। info
التفاسير:

external-link copy
5 : 79

فَالْمُدَبِّرٰتِ اَمْرًا ۟ۘ

আৰু আল্লাহ তাআলাই সেই সকল ফিৰিস্তাৰ শপত খাইছে যিসকলে আল্লাহৰ ফয়চালা লাগু কৰে যেনে, যি সকল ফিৰিস্তাই বান্দাৰ আমল লিখাত নিবদ্ধ। আল্লাহ তাআলাই এই সকল ফিৰিস্তাৰ শপত কৰি কৈছে যে, তেওঁ মানুহক হিচাপ-নিকাচ আৰু উচিত পৰিণাম দিবলৈ নিশ্চিত ভাৱে জীৱিত কৰি উঠাব। info
التفاسير:

external-link copy
6 : 79

یَوْمَ تَرْجُفُ الرَّاجِفَةُ ۟ۙ

যিদিনাখন শিঙাত প্ৰথম বাৰ ফুঁ দিয়াৰ সময়ত পৃথিৱী কঁপি উঠিব। info
التفاسير:

external-link copy
7 : 79

تَتْبَعُهَا الرَّادِفَةُ ۟ؕ

এই ফুঁ দিয়াৰ পিছত আকৌ দ্বিতীয় ফুঁ দিয়া হব। info
التفاسير:

external-link copy
8 : 79

قُلُوْبٌ یَّوْمَىِٕذٍ وَّاجِفَةٌ ۟ۙ

সেইদিনা কাফিৰ আৰু ফাছিক্বসকলৰ অন্তৰ ভীতিগ্ৰস্থ হ'ব।
info
التفاسير:

external-link copy
9 : 79

اَبْصَارُهَا خَاشِعَةٌ ۟ۘ

সিহঁতৰ চকুত অপমানৰ চিন দেখা যাব। info
التفاسير:

external-link copy
10 : 79

یَقُوْلُوْنَ ءَاِنَّا لَمَرْدُوْدُوْنَ فِی الْحَافِرَةِ ۟ؕ

সিহঁতে কৈছিল – মৃত্যুৰ পিছত আমি পুনৰ পৃথিৱীৰ জীৱনলৈ ওভতিম নেকি? info
التفاسير:

external-link copy
11 : 79

ءَاِذَا كُنَّا عِظَامًا نَّخِرَةً ۟ؕ

যেতিয়া আমাৰ হাড়বোৰ গেলি-পচি যাব, তাৰ পিছতো ওভতিম নেকি? info
التفاسير:

external-link copy
12 : 79

قَالُوْا تِلْكَ اِذًا كَرَّةٌ خَاسِرَةٌ ۟ۘ

সিহঁতে কয়ঃ যদি আমি ওভতিব লাগে তেন্তে এয়া হব ক্ষতিকৰ প্ৰত্যাৱৰ্তন, যিটোত সদায় ওভোতা ব্যক্তি ক্ষতিগ্ৰস্ত হয়। info
التفاسير:

external-link copy
13 : 79

فَاِنَّمَا هِیَ زَجْرَةٌ وَّاحِدَةٌ ۟ۙ

পুনৰ জীৱিত কৰা কাম অতি সহজ। বৰং এয়া হৈছে শিঙাত ফুঁ দিয়া কাৰ্যত নিযুক্ত ফিৰিস্তাৰ এটা মাত্ৰ তীব্ৰ শব্দ। info
التفاسير:

external-link copy
14 : 79

فَاِذَا هُمْ بِالسَّاهِرَةِ ۟ؕ

তেতিয়া হঠাৎ সকলো লোক জীৱিত হৈ পৃথিৱীৰ ওপৰত আহিব যিহেতু আগতে পৃথিৱীৰ ভিতৰত মৃত অৱস্থাত আছিল। info
التفاسير:

external-link copy
15 : 79

هَلْ اَتٰىكَ حَدِیْثُ مُوْسٰی ۟ۘ

(হে ৰাছুল) আপোনাৰ ওচৰত মুছাৰ সৈতে তেওঁৰ প্ৰতিপালক আৰু তেওঁৰ শত্ৰু ফিৰআউনৰ সৈতে হোৱা ঘটনাটো আহি পাইছেনে? info
التفاسير:

external-link copy
16 : 79

اِذْ نَادٰىهُ رَبُّهٗ بِالْوَادِ الْمُقَدَّسِ طُوًی ۟ۚ

যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক তুৱা উপত্যকাত মাতিছিল। info
التفاسير:
这业中每段经文的优越:
• التقوى سبب دخول الجنة.
তাক্বৱা বা আল্লাহ ভীতি হৈছে জান্নাত প্ৰাপ্তিৰ অন্যতম কাৰণ। info

• تذكر أهوال القيامة دافع للعمل الصالح.
ক্বিয়ামতৰ ভয়াৱহ দৃশ্যবোৰৰ স্মৰণে সৎ কৰ্ম কৰাত প্ৰেৰণা যোগায়। info

• قبض روح الكافر بشدّة وعنف، وقبض روح المؤمن برفق ولين.
কাফিৰ সকলৰ প্ৰাণ কঠোৰ ভাৱে আৰু মুমিন সকলৰ প্ৰাণ সহজ ভাৱে কবজ কৰা হয়। info