《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
49 : 7

اَهٰۤؤُلَآءِ الَّذِیْنَ اَقْسَمْتُمْ لَا یَنَالُهُمُ اللّٰهُ بِرَحْمَةٍ ؕ— اُدْخُلُوا الْجَنَّةَ لَا خَوْفٌ عَلَیْكُمْ وَلَاۤ اَنْتُمْ تَحْزَنُوْنَ ۟

আল্লাহে কাফিৰসকলক ভৰ্ৎসনা কৰি ক'বঃ এওঁলোকৰ বিষয়েই তোমালোকে শপত খাই কৈছিলা নেকি যে, আল্লাহে কেতিয়াও এওঁলোকৰ প্ৰতি কৃপা নকৰিব? তেতিয়া আল্লাহে মুমিনসকলক ক'বঃ হে মুমিনসকল! তোমালোকে জান্নাতত প্ৰৱেশ কৰা। তোমালোকে কোনো ধৰণৰ ভয়ৰ সন্মুখীন নহ'বা, আৰু পৃথিৱী এৰি অহাৰো কোনো চিন্তা নহ'ব। কিয়নো তোমালোকে চিৰস্থায়ী অনুগ্ৰহসমূহ লাভ কৰিছা। info
التفاسير:
这业中每段经文的优越:
• عدم الإيمان بالبعث سبب مباشر للإقبال على الشهوات.
পুনৰুত্থানক অস্বীকাৰ কৰাৰ প্ৰত্যক্ষ কাৰণ হৈছে প্ৰবৃত্তিৰ অনুসৰণ। info

• يتيقن الناس يوم القيامة تحقق وعد الله لأهل طاعته، وتحقق وعيده للكافرين.
ক্বিয়ামতৰ দিনা মানুহে পতিয়ন যাব যে, আনুগত্যকাৰী সকলৰ বাবে আল্লাহৰ প্ৰতিশ্ৰুতি আৰু কাফিৰ সকলৰ বাবে তেওঁৰ সতৰ্কবাণী চিৰ সত্য আছিল, আৰু সেয়া এতিয়া বাস্তৱত পৰিণত হৈছে। info

• الناس يوم القيامة فريقان: فريق في الجنة وفريق في النار، وبينهما فريق في مكان وسط لتساوي حسناتهم وسيئاتهم، ومصيرهم إلى الجنة.
ক্বিয়ামতৰ দিনা মানুহৰ দুটা দল হ'বঃ এটা জান্নাতত প্ৰৱেশ কৰিব আৰু আনটো জাহান্নামত প্ৰৱেশ কৰিব। আৰু এই দুয়োটা দলৰ মাজত থাকিব কিছুমান লোক, যিসকলৰ পাপ আৰু পূণ্য হ'ব সমান, আৰু এওঁলোক অৱশেষত জান্নাতত প্ৰৱেশ কৰিব। info

• على الذين يملكون المال والجاه وكثرة الأتباع أن يعلموا أن هذا كله لن يغني عنهم من الله شيئًا، ولن ينجيهم من عذاب الله.
যাৰ ওচৰত ধন-সম্পত্তি, ক্ষমতা আৰু বহুতো অনুসাৰী আছে, সিহঁতে মনত ৰখা উচিত যে, এইবোৰে সিহঁতক আল্লাহৰ পৰা ৰক্ষা কৰিব নোৱাৰে, আৰু আল্লাহৰ শাস্তিৰ পৰাও ৰক্ষা কৰিব নোৱাৰে। info