《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
3 : 7

اِتَّبِعُوْا مَاۤ اُنْزِلَ اِلَیْكُمْ مِّنْ رَّبِّكُمْ وَلَا تَتَّبِعُوْا مِنْ دُوْنِهٖۤ اَوْلِیَآءَ ؕ— قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟

হে মানৱ! সেই পুথিৰ অনুসৰণ কৰা, যিটো আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে, লগতে নবীৰ ছুন্নত অনুযায়ী আমল কৰা। আনহাতে নিজৰ প্ৰবৃত্তিৰ বাসনা অনুযায়ী সেইসকল চয়তান আৰু পাষণ্ডৰ অনুসৰণ নকৰিবা, যিবোৰক তোমালোকে সহায়ক বুলি ভবা। সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ গৈ তোমালোকে সেইটোক এৰি দিয়া যিটো তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। নিশ্চয় তোমালোকে একেবাৰেই কম শিক্ষা গ্ৰহণ কৰা। কিয়নো যদি তোমালোকে শিক্ষা গ্ৰহণ কৰিলাহেঁতেন তেন্তে অসত্যক সত্যৰ ওপৰত প্ৰাধান্য নিদিলাহেঁতেন আৰু ৰাছুলে যি লৈ আহিছে সেয়া মানিলাহেঁতেন আৰু তাৰ ওপৰত আমল কৰিলাহেঁতেন আৰু ইয়াৰ বাহিৰে সকলো পৰিত্যাগ কৰিলাহেঁতেন। info
التفاسير:
这业中每段经文的优越:
• من مقاصد إنزال القرآن الإنذار للكافرين والمعاندين، والتذكير للمؤمنين.
কোৰআন অৱতীৰ্ণ হোৱাৰ এটা উদ্দেশ্য এই যে, অস্বীকাৰকাৰী আৰু বিদ্বেষ পোষণকাৰী সকলক সাৱধান কৰা তথা ঈমান্দাৰ সকলক উপদেশ দিয়া। info

• أنزل الله القرآن إلى المؤمنين ليتبعوه ويعملوا به، فإن فعلوا ذلك كملت تربيتهم، وتمت عليهم النعمة، وهُدُوا لأحسن الأعمال والأخلاق.
আল্লাহে মুমিনসকলক কোৰআন প্ৰদান কৰিছে, যাতে তেওঁলোকে সেইটোক মানি চলে আৰু সেই মতে জীৱন-যাপন কৰে। যদি তেওঁলোকে এনেকুৱা কৰে তেন্তে তেওঁলোকৰ লালন-পালন পৰিপূৰ্ণ হ'ব। আৰু তেওঁলোকৰ ওপৰত অনুগ্ৰহ সম্পূৰ্ণ হ'ব। লগতে সত্কৰ্ম আৰু উত্তম আচৰণৰ পথ প্ৰাপ্ত হ'ব। info

• الوزن يوم القيامة لأعمال العباد يكون بالعدل والقسط الذي لا جَوْر فيه ولا ظلم بوجه.
ক্বিয়ামতৰ দিনা বান্দাৰ আমল সম্পূৰ্ণ ন্যায় ভাৱে ওজন কৰা হ'ব তথা সিহঁতৰ কাৰো প্ৰতি অন্যায় অত্যাচাৰ কৰা নহ'ব। info

• هَيَّأ الله الأرض لانتفاع البشر بها، بحيث يتمكَّنون من البناء عليها وحَرْثها، واستخراج ما في باطنها للانتفاع به.
আল্লাহে পৃথিৱীখনক এনেকুৱা বনাইছে যে, যাতে মানুহে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। যাতে ইয়াত ঘৰ নিৰ্মাণ কৰিব পাৰে আৰু খেতি-বাতি কৰিব পাৰে। লগতে ইয়াৰ গৰ্ভত থকা খনিজ পদাৰ্থবোৰ উলিয়াই উপকৃত হ'ব পাৰে। info