《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
133 : 7

فَاَرْسَلْنَا عَلَیْهِمُ الطُّوْفَانَ وَالْجَرَادَ وَالْقُمَّلَ وَالضَّفَادِعَ وَالدَّمَ اٰیٰتٍ مُّفَصَّلٰتٍ ۫— فَاسْتَكْبَرُوْا وَكَانُوْا قَوْمًا مُّجْرِمِیْنَ ۟

ফলত আমি সিহঁতৰ ওপৰত সিহঁতৰ বিদ্বেষ আৰু অস্বীকাৰ কৰাৰ কাৰণে ইমান পানী বৰ্ষণ কৰিছিলো যে, সিহঁতৰ সকলো খেতি-পথাৰ আৰু ফলৰ বাগান ডুবি গৈছিল। আৰু সিহঁতৰ ওচৰত পঙ্গপাল প্ৰেৰণ কৰিছিলো যিবোৰে সিহঁতৰ ফচল খাই পেলাইছিল। লগতে প্ৰেৰণ কৰিছিলো ওকণি, যিবোৰে খেতি ধ্বংস কৰিছিল আৰু মানুহৰ চুলিৰ মাজত থাকি সিহঁতক কষ্ট দিছিল। আৰু প্ৰেৰণ কৰিছিলো প্ৰচুৰ পৰিমাণে ভেকুলী, ফলত সিহঁতৰ পাত্ৰবোৰত ভৰি পৰিছিল আৰু সিহঁতৰ খাদ্যদ্ৰৱ্য নষ্ট কৰিছিল, আৰু সিহঁতৰ টোপনি নাইকীয়া হৈছিল। আৰু প্ৰেৰণ কৰিছিলো তেজ, ফলত সিহঁতৰ কুঁৱা আৰু নদ-নদীসমূহ ৰক্তময় হৈ পৰিছিল। আমি এইবোৰ পৃথক পৃথক বিভিন্ন নিদৰ্শন প্ৰেৰণ কৰিছিলো, যিবোৰ একাধিক্ৰমে এটাৰ পিছত এটা আহিছিল। কিন্তু এই সকলোবোৰ শাস্তি অহাৰ পিছতো সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাত আৰু মূছা আলাইহিছ ছালামে লৈ অহা বাৰ্তাক সত্য বুলি স্বীকাৰ কৰিবলৈ অহংকাৰ কৰিলে। দৰাচলতে সিহঁত আছিল পাপিষ্ঠ সম্প্ৰদায়, কুকৰ্মত লিপ্ত আছিল, সত্যৰ পথ অৱলম্বন কৰা নাছিল। info
التفاسير:
这业中每段经文的优越:
• الخير والشر والحسنات والسيئات كلها بقضاء الله وقدره، لا يخرج منها شيء عن ذلك.
কল্যাণ আৰু অকল্যাণ, পূণ্য আৰু পাপ আল্লাহে নিৰ্ধাৰণ কৰা তকদীৰ অনুসাৰে সংঘটিত হয়। ইয়াৰ বহিৰ্ভূত একোৱে নহয়। info

• شأن الناس في وقت المحنة والمصائب اللجوء إلى الله بدافع نداء الإيمان الفطري.
বিপদ-আপদ আৰু পৰীক্ষাৰ সময়ত সাধাৰণতে মানুহে অন্তৰত থকা স্বভাৱগত ঈমানৰ আহ্বানৰ ফলত আল্লাহৰ শৰণাপন্ন হয়। info

• يحسن بالمؤمن تأمل آيات الله وسننه في الخلق، والتدبر في أسبابها ونتائجها.
মুমিনসকলে আল্লাহৰ নিদৰ্শন আৰু মখলুক সম্পৰ্কীয় তেওঁৰ ৰীতিৰ বিষয়ে চিন্তা-চৰ্চা কৰা উচিত, লগতে ইয়াৰ কাৰণ আৰু পৰিণাম সম্পৰ্কে চিন্তা কৰা উচিত। info

• تتلاشى قوة الأفراد والدول أمام قوة الله العظمى، والإيمان بالله هو مصدر كل قوة.
আল্লাহৰ মহা শক্তিৰ সন্মুখত ব্যক্তি তথা প্ৰশাসনৰ শক্তিৰ কোনো মূল্য নাই। আৰু প্ৰত্যেক শক্তিৰ মূল উৎস হৈছে আল্লাহৰ প্ৰতি ঈমান। info

• يكافئ الله تعالى عباده المؤمنين الصابرين بأن يمكِّنهم في الأرض بعد استضعافهم.
আল্লাহে তেওঁৰ ধৈৰ্যধাৰণকাৰী মুমিন বান্দাসকলক দুৰ্বলতাৰ পিছত পৃথিৱীত প্ৰভূত্ব প্ৰদান কৰে। info