《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

আয-যাৰিয়াত

每章的意义:
تعريف الجن والإنس بأن مصدر رزقهم من الله وحده؛ ليخلصوا له العبادة.
জিন আৰু মানুহক এই কথা জনাই দিয়া যে, একমাত্ৰ আল্লাহৰ পৰাই সিহঁতে জীৱিকা লাভ কৰে, যাতে সিহঁতে নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰিব পাৰে। info

external-link copy
1 : 51

وَالذّٰرِیٰتِ ذَرْوًا ۟ۙ

আল্লাহে সেই বতাহৰ শপত খাইছে, যি বতাহে ধূলি-বালি উৰুৱাই লৈ ফুৰে। info
التفاسير:

external-link copy
2 : 51

فَالْحٰمِلٰتِ وِقْرًا ۟ۙ

সেই মেঘপুঞ্জৰ শপত খাইছে, যিয়ে বহন কৰে প্ৰচুৰ পৰিমাণে পানী। info
التفاسير:

external-link copy
3 : 51

فَالْجٰرِیٰتِ یُسْرًا ۟ۙ

সেই নাওবোৰৰো শপত খাইছে, যিবোৰ সাগৰত মৃদুগতিত সহজে চলাচল কৰে। info
التفاسير:

external-link copy
4 : 51

فَالْمُقَسِّمٰتِ اَمْرًا ۟ۙ

সেইসকল ফিৰিস্তাৰো শপত খাইছে, যিসকলে আল্লাহৰ আদেশত বান্দাসকলৰ মাজত তেওঁলোকৰ বিষয়বোৰ বন্টন কৰে। info
التفاسير:

external-link copy
5 : 51

اِنَّمَا تُوْعَدُوْنَ لَصَادِقٌ ۟ۙ

নিশ্চিতৰূপে তোমালোকৰ প্ৰতিপালকে তোমালোকক যি হিচাপ-নিকাচ আৰু প্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে, সেয়া সত্য। ইয়াত কোনো ধৰণৰ সন্দেহ-সংশয়ৰ অৱকাশ নাই। info
التفاسير:

external-link copy
6 : 51

وَّاِنَّ الدِّیْنَ لَوَاقِعٌ ۟ؕ

নিশ্চিতৰূপে কিয়ামতৰ দিনা বান্দাসকলৰ হিচাপ-কিতাপ কৰা হ’ব, যিকোনো উপায়ে এইটো বাস্তাৱায়ন হ’ব। info
التفاسير:
这业中每段经文的优越:
• الاعتبار بوقائع التاريخ من شأن ذوي القلوب الواعية.
ইতিহাসৰ ঘটনাবোৰৰ দ্বাৰা কেৱল সেইসকল লোকেই শিক্ষা তথা পাঠ গ্ৰহণ কৰে, যিসকলৰ ওচৰত বুজিব পৰা অন্তৰ আছে। info

• خلق الله الكون في ستة أيام لِحِكَم يعلمها الله، لعل منها بيان سُنَّة التدرج.
আল্লাহে হিকমত অনুযায়ী ছয় দিনত বিশ্বজগত সৃষ্টি কৰিছে, যিটো কেৱল একমাত্ৰ তেৱেঁই জানে। এইটোও এটা হিকমত হ’ব পাৰে যে যিকোনো কাম ধাপে ধাপে কৰিব লাগে। info

• سوء أدب اليهود في وصفهم الله تعالى بالتعب بعد خلقه السماوات والأرض، وهذا كفر بالله.
ইয়াহুদীসকলে আল্লাহৰ সৈতে বেআদবী কৰিছে, সিহঁতে কয়ঃ আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি ক্লান্ত হৈছিল। এইটো স্পষ্ট কুফৰী কথা। info