《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
50 : 40

قَالُوْۤا اَوَلَمْ تَكُ تَاْتِیْكُمْ رُسُلُكُمْ بِالْبَیِّنٰتِ ؕ— قَالُوْا بَلٰی ؕ— قَالُوْا فَادْعُوْا ۚ— وَمَا دُعٰٓؤُا الْكٰفِرِیْنَ اِلَّا فِیْ ضَلٰلٍ ۟۠

জাহান্নামৰ প্ৰহৰিয়ে কাফিৰসকলক উত্তৰ দি ক’বঃ “তোমালোকৰ ওচৰলৈ তোমালোকৰ ৰাছুলসকলে স্পষ্ট দলিল-প্ৰমাণ লৈ অহা নাছিলনে”? কাফিৰসকলে ক’বঃ “হয়, নিশ্চয় তেওঁলোকে আমাৰ ওচৰলৈ স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছিল”। তেতিয়া প্ৰহৰিয়ে সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ “তেন্তে তোমালোকে নিজেই প্ৰাৰ্থনা কৰা, আমি কাফিৰসকলৰ বাবে মধ্যস্ততা নকৰোঁ”। কাফিৰসকলৰ প্ৰাৰ্থনা ব্যৰ্থ হোৱাটোৱেই নিশ্চিত। গ্ৰহণযোগ্য নোহোৱাৰ কাৰণ হৈছে সিহঁতে কুফৰী কৰিছে। info
التفاسير:
这业中每段经文的优越:
• نصر الله لرسله وللمؤمنين سُنَّة إلهية ثابتة.
এই বিষয়টো প্ৰমাণিত যে, আল্লাহে প্ৰত্যেক যুগতে ৰাছুলসকলক আৰু মুমিনসকলক সহায় কৰি আহিছে। info

• اعتذار الظالم يوم القيامة لا ينفعه.
কিয়ামতৰ দিনা অন্যায়কাৰীসকলৰ অজুহাতে কোনো উপকাৰ নকৰিব। info

• أهمية الصبر في مواجهة الباطل.
বাতিলৰ সন্মুখত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব। info

• دلالة خلق السماوات والأرض على البعث؛ لأن من خلق ما هو عظيم قادر على إعادة الحياة إلى ما دونه.
আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিয়ে পুনৰুত্থানৰ প্ৰমাণবহন কৰে। কাৰণ যি সত্ত্বাই ডাঙৰ বস্তু সৃষ্টি কৰিবলৈ সক্ষম, তেওঁ সৰু বস্তু এটাৰ মাজত জীৱন দান কৰিবলৈও নিশ্চয় সক্ষম। info