《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
64 : 4

وَمَاۤ اَرْسَلْنَا مِنْ رَّسُوْلٍ اِلَّا لِیُطَاعَ بِاِذْنِ اللّٰهِ ؕ— وَلَوْ اَنَّهُمْ اِذْ ظَّلَمُوْۤا اَنْفُسَهُمْ جَآءُوْكَ فَاسْتَغْفَرُوا اللّٰهَ وَاسْتَغْفَرَ لَهُمُ الرَّسُوْلُ لَوَجَدُوا اللّٰهَ تَوَّابًا رَّحِیْمًا ۟

আমি ৰাছুল এই কাৰণে প্ৰেৰণ কৰো যাতে মানুহে আল্লাহৰ ইচ্ছাত তেওঁলোকৰ অনুসৰণ কৰে। এতেকে হে ৰাছুল! যদি সিহঁতে কোনো পাপ কৰ্ম কৰাৰ পিছত আপুনি জীৱিত থকা অৱস্থাত আপোনাৰ ওচৰত আহিলেহেঁতে আৰু নিজৰ গুনাহ স্বীকাৰ কৰিলেহেঁতেন লগতে অনুতপ্ত হৈ তাওবা কৰিলেহেঁতেন আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন লগতে আপুনিও যদি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন তেন্তে অৱশ্যে সিহঁতে আল্লাহক তাওবা কবূলকাৰী আৰু দয়ালু হিচাপে পালেহেঁতেন। info
التفاسير:
这业中每段经文的优越:
• الاحتكام إلى غير شرع الله والرضا به مناقض للإيمان بالله تعالى، ولا يكون الإيمان التام إلا بالاحتكام إلى الشرع، مع رضا القلب والتسليم الظاهر والباطن بما يحكم به الشرع.
আল্লাহৰ বিধানৰ বাহিৰে আন কাৰোবাৰ ওচৰত মীমাংসাৰ বাবে যোৱা আৰু সেই মীমাংসাত সন্তুষ্ট হোৱাটো আল্লাহৰ প্ৰতি ঈমানৰ পৰিপন্থী। বান্দাৰ ঈমান সেই সময়ত পৰিপূৰ্ণ হয় যেতিয়া সি আল্লাহৰ বিধানক মীমাংসাকাৰী হিচাপে মানি লয় আৰু আন্তৰিক সন্তুষ্টি প্ৰকাশ কৰে লগতে অন্তৰৰ পৰা আৰু বাহিৰৰ পৰা তাক স্বীকাৰ কৰে। info

• من أبرز صفات المنافقين عدم الرضا بشرع الله، وتقديم حكم الطواغيت على حكم الله تعالى.
মুনাফিকসকলৰ এটা অন্যতম বৈশিষ্ট্য হৈছে, আল্লাহৰ চৰীয়তৰ প্ৰতি অসন্তুষ্ট প্ৰকাশ কৰা আৰু আল্লাহৰ বিধানৰ ওপৰত আনৰ বিধানক প্ৰাধান্য দিয়া। info

• النَّدْب إلى الإعراض عن أهل الجهل والضلالات، مع المبالغة في نصحهم وتخويفهم من الله تعالى.
মূৰ্খ আৰু পথভ্ৰষ্ট লোকৰ পৰা দূৰত্ব অৱলম্বন কৰি সিহঁতৰ কল্যাণ কামনা কৰা তথা সিহঁতক বেছি বেছি সতৰ্ক কৰা উচিত। info