《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
38 : 4

وَالَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمْ رِئَآءَ النَّاسِ وَلَا یُؤْمِنُوْنَ بِاللّٰهِ وَلَا بِالْیَوْمِ الْاٰخِرِ ؕ— وَمَنْ یَّكُنِ الشَّیْطٰنُ لَهٗ قَرِیْنًا فَسَآءَ قَرِیْنًا ۟

এইদৰে আমি সিহঁতৰ বাবে শাস্তি প্ৰস্তুত কৰি ৰাখিছো, যিসকলে নিজৰ সম্পদ কেৱল এই কাৰণে ব্যয় কৰে যাতে মানুহে দেখি তাৰ প্ৰশংসা কৰে। সিহঁতে আল্লাহ আৰু ক্বিয়ামতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। আমি সিহঁতৰ বাবেও সেই অপমানকাৰী শাস্তি তৈয়াৰ কৰি থৈছো। সিহঁতক চয়তানৰ অনুসৰণেই বিভ্ৰান্ত কৰিছে। এতেকে চয়তান যাৰ সঙ্গী হৈছে, সি জানি থোৱা উচিত, চয়তান বৰ বেয়া সঙ্গী। info
التفاسير:
这业中每段经文的优越:
• من كمال عدله تعالى وتمام رحمته أنه لا يظلم عباده شيئًا مهما كان قليلًا، ويتفضل عليهم بمضاعفة حسناتهم.
আল্লাহৰ পূৰ্ণ ন্যায়পৰায়ণতা আৰু তেওঁৰ অসীম কৃপাৰ এটা নিদৰ্শন এই যে, তেওঁ বান্দাৰ প্ৰতি অকণো অন্যায় নকৰে, বৰং নিজ অনুগ্ৰহত সিহঁতৰ নেকীসমূহক কেইবা গুণ বৃদ্ধি কৰি দিয়ে। info

• من شدة هول يوم القيامة وعظم ما ينتظر الكافر يتمنى أن يكون ترابًا.
ক্বিয়ামত দিৱসৰ অৱস্থা ইমান ভয়াৱহ হব আৰু কাফিৰসকলে শাস্তিৰ পৰা ইমান ভয় কৰিব যে, সিহঁতে মাটিত মিহলি হৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিব। info

• الجنابة تمنع من الصلاة والبقاء في المسجد، ولا بأس من المرور به دون مُكْث فيه.
জুনুবী অৱস্থাত ছালাত আদায় কৰা তথা মছজিদত অৱস্থান কৰা নিষিদ্ধ, আনহাতে অৱস্থান নকৰাকৈ পাৰ হৈ যোৱাত কোনো অসুবিধা নাই। info

• تيسير الله على عباده بمشروعية التيمم عند فقد الماء أو عدم القدرة على استعماله.
পানী নোপোৱা অৱস্থাত তথা পানী ব্যৱহাৰ কৰিবলৈ সামৰ্থ নথকা অৱস্থাত আল্লাহে তায়াম্মুম কৰাৰ অনুমতি প্ৰদান কৰি তেওঁৰ বান্দাসকলৰ বাবে সহজ কৰি দিছে। info